অসম

অসম ক্ৰিকেট সন্থাৰ আন্তঃক্লাব ক্ৰিকেটত বৰপেটা ক্ৰিকেট কোচিং চেন্টাৰ জয়ী

প্ৰথম খবৰ, বৰপেটা, ১৯ ফেব্ৰুৱাৰী : বৰপেটাত চলি থকা আসাম ক্লাব চেম্পিয়নশ্বিপ বৰপেটা মণ্ডল আন্ত:ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত বৰপেটা ক্ৰিকেট কোচিং চেন্টাৰে পৰৱৰ্তীত প্ৰবেশ কৰিছে । বৰপেটা জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা প্ৰতিযোগিতাখনৰ আজিৰ খেলত বৰপেটা ক্ৰিকেট কোচিং চেন্টাৰে জেনেৰেল ক্লাৱক ১৬৫ ৰাণত পৰাস্ত কৰে ৷ বৰপেটা ক্ৰিকেট কোচিং চেন্টাৰে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত মণজিৎ দাসৰ ১০০ ৰাণৰ সহায়ত তিনিটা উইকেটত ২৫৭ ৰাণ সংগ্ৰহ কৰে ৷ প্ৰত্যুত্তৰত জেনেৰেল ক্লাৱে ৭৭ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায় ৷ বৰপেটা ক্ৰিকেট কোচিঙৰ হৈ পৰাগজ্যোতি দাসে ৪ টা উইকেট দখল কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close