অসম

অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেটৰ নামত অসম ক্ৰিকেট সন্থাৰ ভেকোভাওনাঃ আম্পায়াৰ বিহীন ভাবে অনুষ্ঠিত হৈছে প্ৰতিযোগিতাঃ ৯৩ লাখ টকীয়া ক্রিকেট প্ৰতিযোগিতাৰ নামত শিৱসাগৰত আয়োজক সন্থাই চলাইছে লুন্ঠনৰ প্ৰতিযোগিতা ।

শিৱসাগৰ ১৬ ফেব্ৰুৱাৰী : অসম প্ৰিমিয়াৰ ক্ৰিকেট লীগৰ নামত অসম ক্ৰিকেট সন্থাৰ ভেকোভাওনা আম্পায়াৰ বিহীন ভাবে অনুষ্ঠিত হৈছে প্ৰতিযোগিতা শিৱসাগৰ নগৰৰ দৰবাৰ খেল পথাৰত কালিৰে পৰা ব্যাপক খাম খেয়ালিৰ মাজেৰে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। ক্ৰিকেট প্ৰতিভাৰ সন্ধানত কোটি টকা ব্যয় কৰি আয়োজন কৰা এই খেলৰ নামত অহা ধনত চকু স্থিৰ কৰি থকা আয়োজকে গুৰুত্ব দিয়া নাই প্ৰতিযোগিতাত।ফলস্বৰূপে খেল পথাৰত চৰম বিশৃংখলতা। আয়োজকৰ অনুপস্থিত আজি দৰ্শকক আম্পায়াৰ ৰূপে লৈ প্ৰতিযোগী দলে খেল পথাৰত নামিব লগা হল। প্ৰতিযোগিতাৰ বাবে আয়োজক অসম ক্রিকেট সন্থাই নিৰ্ধাৰিত কৰা বল প্ৰদান কৰাৰ পৰিবৰ্তে দিছে নিম্ন মানৰ বল। প্ৰতিযোগিতাত নাই জৰুৰীকালীন চিকিৎসাৰ ব্যৱস্থা। নাইৰ তালিকা খন দীঘলীয়া। আয়োজক সন্থাৰ বিষয়ববীয়া সকল আশ্চৰ্য জনক ভাবে নাই খেল পথাৰত।প্ৰতিযোগী দলে নিজাববীয়াকৈ আম্পায়াৰ,স্কৰাৰ আদিৰ যোগাৰ কৰি প্ৰতিযোগিতাত অৱৰ্তীন হৈছে। ৯৩ লাখ টকীয়া এই টুৰ্ণামেণ্টৰ ধন সঠিক ভাবে ব্যৱহাৰ নোহোৱাৰ অভিযোগ তুলিছে প্ৰতিযোগিতাত অৱৰ্তীন প্ৰতিযোগী দলে। ক্ৰিকেট সন্থাৰ বিষয়বাব একাংশ ৰাজনৈতিক নেতাৰ চেলা চামুণ্ডাই দখল কৰাৰ বাবেই অসম প্ৰিমিয়াৰ লীগ এতিয়া লুন্ঠনৰ থলী হৈ পৰিছে।

Related Articles

Leave a Reply

Close