অসমশীৰ্ষৰাষ্ট্ৰীয়

আমাৰো তেজ গৰম আছে- বিধান সভাত মন্ত্ৰীৰ তেজ গৰম হোৱা কথা কিয়?

প্ৰথম খবৰ ব্যুৰ’:

বিধানসভাৰ মজিয়াত মন্ত্ৰীয়ে কৈছে- আমাৰো তেজ গৰম আছে। যিকোনো কথা নক’ব। বিৰোধী পক্ষৰ বিধায়কক আঙুলি টোঁৱাই কৈছে মন্ত্ৰীয়ে। কল্পনা নহয়, অসম বিধানসভাৰ মজিয়াতে মন্ত্ৰীৰ মুখত শুনা গৈছে এনে কথা। অসম বিধানসভাৰ মজিয়াত সোমবাৰে জলসম্পদ বিভাগৰ মাটি দখলৰ অভিযোগক লৈ শাসক বিৰোধীৰ মাজত তীব্ৰ বাদানুবাদৰ মাজত কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক ধমক দি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে এনে কথা। বিধানসভাত জলসম্পদ বিভাগৰ কৰ্তন প্ৰস্তাৱত কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই উত্থাপন কৰিছিল জলসম্পদ বিভাগৰ মাটিত বিজেপি কাৰ্যালয় কেনেকৈ? এই প্ৰশ্ন উত্থাপন কৰিবলৈ আনকি বাধাদান কৰিছিল আন এগৰাকী মন্ত্ৰী ৰঞ্জিত দত্তই। দত্ত আৰু পুৰকায়স্থৰ বাদানুবাদৰ মাজতে মাত মাতিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। তেতিয়াই সদনত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্যই চিঞৰ বাখৰ কৰি বিজেপিৰ বিৰুদ্ধে অভিযোগ অনা বিধায়ক ৰূপজ্যোতিক ধমক দি কয়- আমাৰো তেজ গৰম আছে। যিকোনো কথা নক’ব। সমানেই সৰৱ হৈ পৰে বিজেপি বিধায়ক ডাঃ নোমল মমিন। আনকি, টেবুলত ঢকিয়াই কথা কোৱা দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু নোমল মমিনক সকিয়নী দিয়ে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। এনে পৰিৱেশৰ মাজতে বিধায়ক কমলাক্ষই প্ৰদৰ্শন কৰে জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই থানাত দিয়া মাটি দখলৰ এজাহাৰৰ প্ৰতিলিপি৷ তৎস্বত্বেও শাসক বিৰোধীৰ তৰ্কযুদ্ধ অব্যাহত থাকে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰে অধ্যক্ষ গোস্বামীয়ে৷ তাৰ মাজতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উক্ত মাটি 1967 চনত এগৰাকী লোকৰ পৰা জলসম্পদ বিভাগে আঠ লাখ টকাত ক্ৰয় কৰা কথা আৰু গেজেট নটিফিকেশ্যনৰ কথা কোৱাত নৰম হ’বলৈ বাধ্য হয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ অৱশেষত মাটি সোণোৱাল চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মেই হস্তান্তৰ কৰাৰ কথা স্বীকাৰ কৰে মন্ত্ৰী ভট্টাচাৰ্যই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close