অসমশীৰ্ষ

একেদিনাই ইমান কাম নে প্ৰধানমন্ত্ৰীৰ?

প্ৰথম খবৰ ব্যুৰ’: প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে ৰাজ্যত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰৰ দিনটোত কেইবাটাও কাৰ্যসূচীত ভাগ ল’ব অসম তথা অৰুণাচলত৷ পুৱা আঠ বজাতে ৰাজভৱনৰ পৰা বৰঝাৰ হৈ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে হেলিকপ্টাৰযোগে উপস্থিত হৈছে ইটানগৰত৷ ইটানগৰত কেন্দ্ৰীয়ভাৱে আয়োজিত কাৰ্যসূচীত মোডীয়ে ইটানগৰত গ্ৰীণফীল্ড এয়াৰপোৰ্ট আৰু তেজুৰ অসামৰিক বিমান বন্দৰৰ শুভাৰম্ভ কৰিব৷ এই কাৰ্যসূচীত মোডীৰ সৈতে উপস্থিত থাকিব অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুসহ অনেক নেতা৷ এই কাৰ্যসূচীৰ পিছতে দিনৰ 12:30 বজাত চাংসাৰিত এইমছৰ ভূমি পূজন আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি ত্ৰিপুৰালৈ ৰাওনা হ’ব৷ একেদিনাই মোডীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ন হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close