অসমশীৰ্ষৰাষ্ট্ৰীয়

এক কোটি দিয়ক, নহ’লে কংগ্ৰেছৰ হৈ ক’ম, মুখা খোল খালে অভিনেত্ৰীৰ

Cobrapost Sting Operation

#BikaooBollywood
প্ৰথম খবৰ ব্যুৰ’:
নিৰ্বাচনৰ আগেয়ে বলিউদৰ প্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে কোনো দলৰ হৈ ছ’চিয়েল মিডিয়া বা সাক্ষাৎকাৰত কোনো দলক ভোট দিবলৈ ক’লে বিশ্বাস নকৰাই ভাল৷ কাৰণ সেয়া পেইড প্ৰমোশ্যনো হ’ব পাৰে৷ শেহতীয়াকৈ বলিউদ:ৰ কেইবাগৰাকী অভিনেতা অভিনেত্ৰীয়ে দলৰ হৈ লিখিবলৈ হ’লে কিমান টকা লাগিব তাৰ দৰদাম ফাদিল কৰিছে কোব্ৰাপোষ্টে৷ কোব্ৰাপোষ্টৰ ষ্টিং অপাৰেশ্যনত মুখা খোল খাইছে মহিমা চৌধুৰীৰ দৰে অভিনেত্ৰীৰ৷ কোব্ৰাপোষ্টৰ সাংবাদিকে অফাৰ দিয়া সময়ত মহিমা চৌধুৰীয়ে কৈছে- আপুনি যদি ভালকৈ পইচা নিদিয়ে, তেনেহ’লে মই কংগ্ৰেছৰ হৈ কৰিম৷ মহিমাই সাংবাদিকক লগতে কৈছে- বিজেপিটো কুছ ভী দে সকতা হেই, They can give one crore in a month. কেৱল মহিমা চৌধুৰীয়ে নহয়, আৰু বহু কেইজন পৰিচিত অভিনেতা, অভিনেত্ৰী আৰু সংগীত শিল্পীৰ মুখা খোল খাইছে কোব্ৰাপোষ্টৰ এই ষ্টিং অপাৰেশ্যনত৷ photo courtesy- facebook

Related Articles

Leave a Reply

Close