অসমশীৰ্ষ

এজন অসমীয়া হৈ ভাৰত জ্বলাই আছো: কাক কিয় ক’লে মন্ত্ৰী শৰ্মাই?


প্ৰথম খবৰ ব্যুৰ’: অসম বিধান সভাত বাজেট দাখিলৰ পিছতেই সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী হিমন্তবিশ্বই ক’লে- আপোনালোকে স্পৰ্শ কৰিব পৰা ঠাইত এতিয়া মই নাই৷ বহু দূৰলৈ গুছি গ’লো৷৷ আমিনগাঁৱত নিৰ্মীয়মান প্লেনেটৰিয়াম কেতিয়া হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সংবাদ মাধ্যমক কঠোৰ সমালোচনা কৰি মন্ত্ৰী শৰ্মাই: লগতে কয় –
ময়ে টিভি পেপাৰ চলাই আছো৷ আধা ঘণ্টাৰ বাতৰিৰ পচিশ মিনিট মোকে গালি দিয়ে৷ বিলৰ বিৰোধিতাৰ বাতৰি এৰি এতিয়া মোক লৈ ব্যস্ত৷ আজিকালি মোক লৈ টিভি ষ্টুডিঅ’ত চেং মাছৰ দৰে জঁপিয়াই আছে এংকৰে৷ আনহাতে, সংবাদ মাধ্যমে কেৱল মন্ত্ৰী হিমন্তৰ এটা কথাত কেৱল তেওঁকে কেন্দ্ৰবিন্দু কৰি লোৱা বুলিও কটাক্ষ কৰে৷ আজিকালি সংবাদ মাধ্যম চলোৱাটো হবি হৈ যোৱা বুলিও কয় মন্ত্ৰীজনে৷ মমতা বেনাৰ্জীৰ চিট ফাণ্ডক লৈ অভিযোগ সম্পৰ্কত কয়- মমতাই কিবা লাগিলে মোক সুধিব৷ মই এতিয়া সাক্ষী৷ আপোনালোকে মোক লৈ গৌৰৱ কৰা উচিত৷ এজন অসমীয়াই গোটেই ভাৰতখন জ্বলাই আছো৷

Related Articles

Leave a Reply

Close