অসম

ওদালগুৰিৰ ভেৰগাঁৱৰ ৰজাগড়ত ডিমাকুছি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ বিজয় উৎসৱ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:- ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত আনন্দত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। ডিমাকুছি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰজাগড়ৰ লোক সকলৰ মাজত দেখা গল আনন্দ মুখৰ পৰিবেশ। নাগৰিকত্ব সংশোধনী বিল উত্থাপন নোহোৱাত আনন্দত মতলীয়া আছুৰ বিষয়-ববিয়া সকলে সমবেত হৈ শ্লোগান দি আনন্দিত হোৱা দেখা যায়। আছু জিন্দাবাদ, ইনক্লাব জিন্দাবাদ, CAB সমৰ্থক হুচিয়াৰ, নৰেন্দ্ৰ মোদী বাই বাই, বিজেপি গো বেক, বিজেপিৰ কাম নাই ,বিজেপি বাই বাই, হিমন্ত বিশ্ব মূর্দাবাদ, হিমন্ত বিশ্ব বাই বাই, বিজেপি বাই বাই, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ আদি শ্লোগান দিয়ে। ভৱিষ্যতে অসমৰ ৰাইজৰ স্বাৰ্থত আঘাত হানিব পৰা কাম যাতে কোনোৱে নকৰে তাৰ বাবেও আছুৰ বিষয়-ববীয়াই সকীয়াই দিয়ে।

Related Articles

Close