ৰাজ্যৰ খবৰ

ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল অাৰু হাই মাদ্ৰাছা পৰিক্ষাত অৱতীৰ্ণ ৬০১

গোপাল নাথ, প্ৰথম খবৰ, ওৰাং: আজিৰে পৰা ২০১৯ বৰ্ষৰ হাইস্কুল আৰু হাই মাদ্ৰাছা চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে৷ ওৰাং উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত মেট্ৰিক পৰীক্ষাৰ বাবে সাজু সকলো পৰীক্ষাৰ্থী।

এইবাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত মুঠ ৬০১ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। মুঠ ১৪ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে এই কেন্দ্ৰটোত।

অসমীয়া, ইংৰাজী আৰু বড়ো মাধ্যমৰ পৰীক্ষাৰ্থী আছে কেন্দ্ৰটোত। দল সংগঠনকে ধৰি অভিভাৱকসকলে আশীৰ্বাদ আৰু শুভেচ্ছা যাঁচিছে পৰীক্ষাৰ্থীসকলক। প্ৰতিটো শ্ৰেণীকোঠাতে চি চি কেমেৰা লগোৱা হৈছে।

শান্তিপূৰ্ণভাৱে যাতে পৰীক্ষা অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিছে জিলা প্ৰশাসনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close