অসমশীৰ্ষৰাষ্ট্ৰীয়

কংগ্ৰেছৰ প্ৰিয়ংকা শ্ব’: ফ্ৰণ্ট ফুটত খেলিবলৈ সাজু ৰাহুল গান্ধী

প্ৰথম খবৰ ব্যুৰ’:
লক্ষ্ণৌত অভিষেক ঘটিল প্ৰিয়ংকা চোপ্ৰাৰ৷ উত্তৰ প্ৰদেশৰ পূৱ আৰু পশ্চিম খণ্ডৰ সাধাৰণ সম্পাদক ৰূপে নিযুক্তি দিয়া প্ৰিয়ংকা গান্ধী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ সোমবাৰে ৰোড শ্ব’ত অংশ লৈ ৰাহুল গান্ধীয়ে ক’লে- আমি ফ্ৰণ্ট ফুটত খেলিম, বেকফুটত নহয়৷ ক্ৰিকেটৰ ভাষা ব্যৱহাৰ কৰা ৰাহুলে লগতে কয়- লোকসভা নিৰ্বাচনৰ উদ্দেশ্য আছে, কিন্তু আমি 2022ত উত্তৰ প্ৰদেশ বিধানসভাত ভাল ফলাফল দেখুওৱাৰ দায়িত্ব প্ৰিয়ংকা- সিন্ধিয়াক দিছো৷ উল্লেখ্য যে লক্ষ্ণৌৰ বিমান বন্দৰৰ পৰা আৰম্ভ হোৱা প্ৰিয়ংকাৰ ৰোড শ্ব’ত কংগ্ৰেছৰ সমৰ্থকসকল উৎসাহী হৈ পৰে৷ বিভিন্নস্থানত ফুলৰ থোপাৰে আদৰণি জনায় প্ৰিয়ংকাক৷ আনুষ্ঠানিকভাৱে দায়িত্ব লৈ প্ৰিয়ংকাই এই শ্ব’ত অংশ লৈ টুইটাৰত লিখিছে- এতিয়া মোডী ঢৌ নাই, গান্ধী ঢৌ আৰম্ভ হৈছে৷

Related Articles

Leave a Reply

Close