অসমশীৰ্ষৰাষ্ট্ৰীয়

কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশন

৩০০ চৌকাত ৯০০ ৰান্ধনীৰ দিনে নিশাই ব্যস্ততা

মৰিগাঁও, ৫ ফেব্ৰুৱাৰীঃ বুধবাৰৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যাক মৰিগাঁও অধিৱেশন। ইতিমধ্যে ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তক আদৰিবলৈ সাজু হৈছে আই, মাতৃ, ভকত বৈঞ্চৱ, বান্ধৱ সকলো। প্ৰায় অৰ্ধ লক্ষাধিক লোক বহিব পৰা বিশাল মণ্ডপ আৰু এবাৰত ১৫ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয় নিৰ্মাণেৰে অতিথিক আদৰিবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল সেৱা বাহিনী। আই-বাপসকল। ইতিমধ্যে আজিৰে পৰাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰলৈ সোঁত বৈছে শ শ লোকৰ। ৫২ খন জিলা সমিতিৰ প্ৰতিনিধিসকল উপস্থিত হৈছে মৰিগাঁৱত। মৰিগাঁৱৰ এই অধিৱেশনত প্ৰতিদিনেই ৩০০ চৌকাত ৯০০ ৰান্ধনী দৈনিক আঢ়ৈ লক্ষ লোকক আপ্যায়ন কৰিব পৰাকৈ অন্ন প্ৰস্তুত কৰিব। হাজাৰোধিক সেৱকে বিতৰণ কৰিব খাদ্য সম্ভাৰ। অধিৱেশন উপলক্ষ্যে গ্ৰন্থমেলা, প্ৰদৰ্শনী আদিৰো ব্যৱস্থা কৰা হৈছে। লক্ষণীয় কথা যে, এইবাৰৰ মৰিগাঁও অধিৱেশনতো ২০ লক্ষাধিক লোকৰ সমাগম প্ৰত্যাশা কৰিছে আদৰণি সমিতিয়ে।

Related Articles

Leave a Reply

Close