অসমনিবন্ধ

কেতিয়াকৈ ওৰ পৰিব শেষ নোহোৱা কামধেনুৰ নিচিনা শব্দটি?

ডা: শুভ্ৰকিংকৰ গোস্বামী

অসম আন্দোলনৰ আমি অক্লান্ত কৰ্মী আছিলো ৷ বহুবাৰ চি আৰ পিৰ লাঠিৰ কোব আমাৰ পিঠিত পৰিছিল ৷ এই দুখন হাতেৰে সীমাহীন শ্বহীদৰ ৰক্তাক্ত শৰীৰ চিতাজুইত তুলি দিছিলো ৷ অভাৱনীয় ভাবে জনতাই ভংগ কৰা কাৰ্ফিউত অংশগ্ৰহন কৰিছিলো ৷ অসংখ্য শ্বহীদৰ পৰিয়ালবৰ্গৰ ওচৰত থিয় হৈছিলো ৷
ইন্দিৰা গান্ধী 1980 চনত গুৱাহাটীলৈ আহিছিল ৷ সেই সময়ৰ অসমৰ ৰাজ্যপালৰ মধ্যস্থতাত ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ সৈতে তেখেতে আলোচনাত বহিব ওলাইছিল ৷ কিন্তু কিছু সংখ্যক আন্দোলনৰ নেতৃবৃন্দৰ আকোৰগোজ মনোভাৱৰ কাৰনে 1965 চনটো গ্ৰহন কৰা নহল ৷ সেই সময়ত আন্দোলনৰ তীব্ৰতা তুংগত আছিল ৷
লাহে লাহে সময় বাগৰিল ৷ চৰকাৰী উৎপীডন বাঢি আহিল ৷ কংগ্ৰেছ চৰকাৰৰ পৃষ্ঠপোষকতাতেই এপিনে উৎপীড়ন আৰু আনপিনে প্ৰলোভনৰ পৰিমান বাঢি আহিল ৷ প্ৰলোভনৰ মায়াজালত এচাম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নেতাই ভৰি দিলে ৷ এনেদৰেই চলি থাকিল আন্দোলন ৷ তাৰ মাজতেই তিৰাশীৰ নিৰ্বাচন আৰু অভাৱনীয় ভ্ৰাতৃঘাটী হিংসাই আন্দোলনটোত কালিমা সানিলে ৷
এটা সময়ত 1985 চনৰ 14 আগষ্টৰ নিশা স্বাক্ষৰ হল অসম চুক্তি ৷ চন এইবাৰ হলগৈ 1971ৰ 25 মাৰ্চ ৷ সকলো পক্ষই মানি ললে চুক্তি ৷ ইমান বছৰ চুক্তি ৰূপায়নক লৈ আলোচনা বিলোচনা চলিল ৷৷ চুক্তি ৰূপায়ন মন্ত্ৰী দপ্তৰো গঠন কৰা হল ৷ কিয় চুক্তি আখৰে আখৰে পালন কৰা নহল সেয়া এটা অন্য বিষয় ৷ কিন্তু এইযে নতুনকৈ কথাবোৰ আহিল চুক্তি বোলে হব লাগিছিল 1951 চনকলৈহে ৷৷৷ ইমান দিনে কংগ্ৰেছে লোকসভা ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ থকাৰ পিচতো কিয় 1951 নকৰিলে ? কিদৰে জন্তু জানোৱাৰৰ দৰে 855 জন শ্বহীদক হত্যা কৰাৰ পিচত কব পাৰে যে ছাত্ৰ সন্থাই বা সেই সময়ৰ সভাপতিয়ে তেওলোকক মাৰিলে বুলি ৷ দুয়োটা দলে যদি ইমানেই বদ্ধ পৰিকৰ যে 51 হে মানিম তেতিয়া দেখোন লোকসভা ৰাজ্যসভাত অসম চুক্তি নাকচ কৰি দিব পাৰিলেহেতেন ৷ বিজেপিয়ে তেনে এটা পৰিকল্পনা কৰিলে যোৱা পাচটা বছৰতেই চোন কামখিনি কৰিব পাৰিলেহেতেন ৷৷

অসম চুক্তি বহুজনৰ বহু ত্যাগৰ ফল ৷ সেইখনক লৈ অযথা টনাটনি নকৰিব ৷ ইমান বছৰে 71 ৰ হিচাবতেই এজনো বাংলাদেশী খেদিব নোৱাৰিলে ৷ এতিয়া 51 বুলি কৈ মানুহক আবেগিক কৰাৰ বাহিৰে অন্য কোনো উদ্দেশ্য নাই ৷৷ কাৰ কাৰনে 855 জন শ্বহীদ হব লগীয়া হল সেয়াও সকলোৰে চকুৰ আগত ৷ তাৰ কাৰনে প্ৰফুল্ল মহন্ত কিদৰে জগৰীয়া হব পাৰে ?
দেশৰ বাকী অংশ প্ৰগতিৰ দিশত বহুদূৰ আগুৱাই গল ৷ আমি কেৱল বিদেশী বিদেশী বোলা ইচু এটা লৈ পানীবোৰ ঘোলা কৰি আছো ৷ কেতিয়াকৈ ওৰ পৰিব শেষ নোহোৱা কামধেনুৰ নিচিনা এই শব্দটি ????
( লেখাটো ডা: গোস্বামীৰ ফেচবুক ৱালৰ পৰা লোৱা হৈছে- বিভাগীয় সম্পাদক)৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close