অসম

গুৱাহাটী ‘আই আই টিত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰম্ভ

পঙ্কজ নাথ, চাংসাৰি, ১১ ফেব্ৰুৱাৰী :

ভাৰতবৰ্ষৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টিৰ জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ উদ্যোগত আই আই টি কনফাৰেঞ্চ হ’লত আজি সোমবাৰৰ পূৱাৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ” নেক্সট জেনেৰেচন প্লান্ট প্ৰডাকচন এণ্ড বায়’ ৰিচাৰ্ছ টেকনোলজিচ ” শীৰ্ষক এক আলোচনা চক্ৰৰ আৰম্ভ হৈছে। পূৱা ৯ বজাত আই আই টি কনফাৰেঞ্চ হ’লত গুৱাহাটী আই আই টিৰ অধ্যাপিকা ৰাখী চতুৰ্বেদীয়ে আদৰণী ভাষণ পাঠৰে এই অনুষ্ঠানটো মুকলি কৰা হয়। আজিৰ আলোচনা চক্ৰৰ মূখ্য অতিথি ৰূপে উপস্থিত থাকি নৰ্থ ইষ্ট কাউন্সিলৰ সচিব ৰাম মুইভায়ে দেশৰ প্ৰগতিত আই আই টি আৰু আই আই টিয়ানৰ ভূমিকাক শলাগ লয়। উদ্ধোধনী অনুষ্ঠানত মূখ্য পৃষ্ঠপোষক তথা গুৱাহাটী আই আই টিৰ সঞ্চালক প্ৰফেচাৰ গৌতম বিশ্বাস, আই পি পি এছ ইন্টাৰনেচনেলৰ মি: এলেন জ’ন আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । অষ্ট্ৰেলিয়া, আমেৰিকাকে ধৰি বিশ্বৰ পাঁচখন আগশাৰীৰ দেশৰ প্ৰতিনিধিয়ে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছে। জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বৈজ্ঞানিক আৰু বিশেষজ্ঞ সকলে ন ন প্ৰযুক্তি উদ্ভাৱনৰে প্লান্টৰ (উদ্ভিদৰ) উৎপাদন গুণগত মান বৃদ্ধি কৰি নতুন প্ৰজন্মৰ বাবে সমল গোটোৱাৰ এক নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । আজিৰ আলোচনা চক্ৰত নাৰ্ছাৰী উদ্যোগৰ লগত জড়িত বিভিন্ন দেশৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিছে। বৈজ্ঞানিক আৰু বিশেষজ্ঞ সকলে বাস্তৱসন্মত প্ৰদক্ষেপলৈ জৈৱ প্ৰযুক্তিৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ আদান-প্ৰদান, বজাৰ প্ৰকৃতিৰ সংৰক্ষণ সকলো দিশৰ ওপৰত আলোকপাত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে বিদেশী বিশেষজ্ঞ সকলে সংবাদ মাধ্যমেৰে মতবিনিময় কৰি উত্তৰ পূৰ্বাঞ্চল এক সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হোৱাৰ লগতে গুৱাহাটী আই আই টিৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰসংশা কৰে।

Related Articles

Leave a Reply

Close