নিবন্ধবাণিজ্যশীৰ্ষ

চম্পাৱতীৰ প্ৰতি মোৰ আজন্ম প্ৰেম

পৰাগমণি আদিত্যৰ কলম

(নগাঁও জিলাৰ অন্তৰ্গত কাৰ্বি আংলং সীমান্তৰ চাপানালা পাহাৰৰ চোৱাং বনাঞ্চলত থকা অসমৰ সুউচ্চ জলপ্ৰপাত চম্পাৱতীৰ তীৰত আজি অজস্ৰ লোকৰ সমাগম। কাইলৈ পুৱা পবিত্র কুণ্ড স্নান।জলপ্ৰপাতৰ নাতিদূৰৈত আছে কিছু প্ৰাচীন ধ্বসাৱশেষ, যি আজিও সজীৱ কৰি ৰাখিছে এক মনোমোহা পৌৰাণিক আখ্যান।)

ব্ৰজাৱলীত লিখা এফাকি বচন; যাৰ আধুনিক অসমীয়াত অৰ্থ- মহাভাৰতৰ বীৰ যোদ্ধা অৰ্জুন, ভগৱান শ্ৰীকৃষ্ণ যদি তেওঁৰ পক্ষত নাথাকে, মোৰ বাবে তেওঁ তিৰোতাৰ সমান।

এই যোদ্ধাৰ নাম আছিল হংসধ্বজ। পাণ্ডৱে কুৰুক্ষেত্ৰৰ যুঁজত জয়লাভ কৰাৰ পিছত মুকলি কৰি দিয়া অশ্বমেধৰ ঘোঁৰা বন্দী কৰিছিল হংসধ্বজ ৰজাই। ঢপলিয়াই অহা পাণ্ডৱ বাহিনীক কৈছিল- ভগৱান শ্ৰীকৃষ্ণ যদি অৰ্জুনৰ পক্ষত নাথাকে, তেন্তে তেওঁ মোৰ বাবে তিৰোতাৰ সমান।

যুদ্ধত অৰ্জুনক শৰবিদ্ধ কৰি যোজন দূৰতে অৱৰুদ্ধ কৰিছিল।

সুৰথ আৰু সুধৰ্মা যাৰ উত্তৰাধিকাৰী।

আজিও অসমৰ কোনো এটা কোনত হংসধ্বজৰ কৃষ্ণ দৰ্শন ভাওনা অনুষ্ঠিত হৈ আছে। নাজানো এই হংসধ্বজেই সেই হংসধ্বজ হয়নে নহয়!

হ’বও পাৰে!

হংসধ্বজ ৰজাৰ কণ্যা/ভাৰ্যা (স্মৃতি-লোক কথা-প্ৰাচীন সাহিত্যত পৰ্যাপ্ত সমলৰ অভাৱ)চম্পাৱতী। হংসধ্বজ ৰাজনৰ বিয়োগৰ পিছত যাৰ চকুলোৰে সৃস্টি হৈছিল চম্পাৱতী জলপ্ৰপাতৰ।

চম্পাৱতী অসমৰ সুউচ্চ জলপ্ৰপাত। একেৰাহে তিনিটা কুণ্ড। বিশাল। মোহাচ্ছন্ন কৰিব পৰাকৈ পৰিব্যাপ্ত। বাৰিষা যাৰ গৰ্জনে বহু দূৰৈতে বিদ্যুত প্ৰবাহী সঞ্চাৰৰ সৃষ্টি কৰিব পাৰে; খৰালিও যি এক প্ৰাণৱন্ত নৃত্যৰতা জলাধাৰ; সেই চম্পাৱতীৰ তীৰ মাঘী শুক্লা সপ্তমীৰ ব্ৰহ্মক্ষণত গংগাতকৈও পবিত্ৰ হৈ উঠে।

আজিৰ চম্পাৱতীৰ অবস্থিতি গভীৰ অৰণ্যত। দুৰ্গম পাহাৰ। তথাপিও মই নিশ্চিত- এই মুহূৰ্তত গভীৰ অৰণ্যৰ গিৰিকন্দৰত অজস্ৰ লোক সাৰে আছে। নাম-গুণ গাই এক অনন্য পৰিবেশ। কাৰণ আজি মাঘী ষষ্ঠী। পুৱাই পৱিত্ৰ হৈ পৰিব চম্পাৱতীৰ জলাধাৰ। প্ৰতীক্ষা সেই পবিত্ৰ ক্ষণৰ। এটা স্নানে যদি দূৰ কৰিব পাৰিলেহেতেন আমাৰ মনৰ মলিনতা- আকৌ গ’লোহেতেন চম্পাৱতীৰ তীৰলৈ।

এদিন এই চম্পাৱতীক বোলে বিয়া কৰাবলৈ আহিব বাবা ব্ৰহ্মপুত্ৰ! চামগুৰি বিলৰ গহনা, মাহলোৰৰ মাহ-হালধী আৰু কত কি? ভয়েই লাগে হাতীমূৰা খহিলে??? সঁচা নেকি???

চম্পাৱতীৰ তীৰত বহু উজাগৰী নিশা পাৰ কৰিছোঁ।

সেই যে হাতীৰ জাকতো, যি মাঘী ষষ্ঠীৰ পূৰ্বেই ভক্ত যোৱাৰ বাবে চাপানালাৰ পৰা প্ৰথম কুণ্ডলৈকে পথছোৱাৰ হাবি-জংঘল ভাঙি মোকলাই থৈ যায়???

মিছা! মিছা!মিছা!!!

সেই যে হংসধ্বজ ৰজাৰ তোৰণখন?

মিছা! মিছা!মিছা!!!

সেই যে জিয়াজুৰি বাগিচাৰ মাজত থকা পুখুৰীতো?

মিছা! মিছা!মিছা!!!

সেই যে বাগিচাৰ মেনেজাৰৰ বাংলোত থকা হংসধ্বজ ৰজাৰ ৰাজধানীৰ ধ্বংসাৱশেষ?

মিছা! মিছা!মিছা!!!

শিল-বালিৰে পোত গৈ থকা অস্ত্ৰাগাৰতো?

মিছা! মিছা!মিছা!!!

সীমাৰ ঢাপতো?

মিছা! মিছা!মিছা!!!

বাদুলীখোৰোং?

মিছা! মিছা!মিছা!!!

তেন্তে সঁচা কি?

অজি মাঘী ষষ্ঠী। কাইলৈ কুণ্ড স্নান।

এই মূহুৰ্তত ক’ৰবাত ভাওনা চলি আছে-হংসধ্বজৰ কৃষ্ণ দৰ্শন। চোৱাঙৰ বুকুত আজিও চম্পাৱতীয়ে বিনায়!

চম্পাৱতীৰ পাৰৰ গছ কেইডাল কটাৰ বিৰোধিতা কৰাৰ বাবে এদিন গুলীয়াইছিল। গুলী নালাগিল। আগে পিছে কেইবাদিনো গুলী লগা নাছিল!!! নালাগেও।

চম্পাৱতীৰ প্ৰতি মোৰ আজন্ম প্ৰেম।

Pic: Navajyoti Mudai

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close