অসমশীৰ্ষৰাজ্যৰ খবৰ

চাংসাৰিত বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোডীয়ে কি ক’লে বিধেয়কৰ কথা

পঙ্কজ নাথ, চাংসাৰি, ৯ জানুৱাৰী :

জালুকবাৰী সমষ্টিৰ চাংসাৰিত প্ৰতিষ্ঠা হবলগীয়া ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান সৰ্বভাৰতীয় আয়ুৰ বিজ্ঞান সংস্হান (এইমছ ) ভুমি পুজন উপলক্ষে আজি শণিবাৰে এক বিশাল জনসভাৰ আয়োজন কৰে অসম চৰকাৰ তথা বিজেপি দলে। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে অসমৰ দল সংগঠনৰ প্ৰবল বিৰোধ অব্যাহত থকাৰ বেলিকাত ২০১৯ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আয়োজিত হোৱা চাংসাৰিৰ এই জনসভাত হেলিকপ্তাৰ যোগে উপস্থিত হৈ আজি কেইবাটাও প্ৰকল্প ও আচনিৰ উদঘাটন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজি দিনৰ ১১-৩০ মান বজাৰ পৰা আৰম্ভণি হোৱা এই সভাত চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লক্ষাধিক বিজেপি কৰ্মী, নেতা, পালিনেতা, চৰকাৰী কৰ্মচাৰী, বিভাগীয় নিৰ্দেশ জাৰি কৰি অনা আশা কৰ্মী আদিৰ উপস্থিতত প্ৰধানমন্ত্ৰী গৰাকীয়ে এইমছৰ ভুমি পুজন আৰু বিশাল জনসভাত অংশ লৈ অসমীয়াতো নিজৰ কিছু ভাষণ প্ৰদান কৰে। আজিৰ এই সভাত কংগ্ৰেছক কঠোৰ সমালোচনা কৰাৰ উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিৰোধ কৰি থকা সকলক অপশক্তি আখ্যা দি প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ দল সংগঠন বুদ্ধিজীৱি সকলৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিজেপি চৰকাৰে এতিয়ালৈকে বহুত আচনি উলিয়াইছে আৰু সেইবোৰৰ ওপৰত ইতিমধ্যে কিছু কাম সম্পন্ন কৰিছে আৰু এই চৰকাৰখনে বাকী থকা কামবোৰ কৰিব গৈ আছে বুলিও নিজৰ ভাষণত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে আজিৰ ভাষণৰ মাজতে অসমৰ সংবাদ মাধ্যমক পাকে প্ৰকাৰ বিজেপিৰ ভাল কামৰ বাবে প্ৰশংসা নকৰে বুলি উল্লেখ কৰি সাংবাদিকক বেচেৰা বুলি কৈ আজিৰ এই সভাখনৰ বিষয়ে সংবাদ মাধ্যমে ভালদৰে প্ৰচাৰ নকৰিব বুলি তাচ্ছিল্য সুচক বক্তব্য দাঙি ধৰে। ইয়াৰ উপৰিও আজিৰ সভাত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও প্ৰকল্প, আচনিত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৰি উঠা ব্যয় আৰু কৰিবলগীয়া ব্যয়ৰ কথা উল্লেখ কৰাৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক, অসম চুক্তি, ছয় জনগোষ্ঠীৰ জনজাতি কৰণ আদি বিষয়ত বক্তব্য ৰাখি প্ৰায় ৩৫ মিনিট সময় জুৰি এই জনসভাত তেখেতে নিজৰ ভাষণ আগবঢ়াই। আজিৰ সভাত নৰেন্দ্ৰ মোডীৰ ভাষণৰ পূৰ্বে স্হানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদাত্ত কণ্ঠৰে নিজৰ ভাষণ ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে যথেষ্ট সৰব হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্বই আছুৰ ব্ৰজনিনাদক কঠোৰ সমালোচনা কৰি বিজেপিৰ বিকাশৰ নিনাদৰ সন্দৰ্ভত ভাষণ ৰাখি অসমৰ দল সংগঠনক তীব্ৰ সমালোচনা কৰে। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও নিজৰ ভাষণত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ বিধেয়ক খনক লৈ যথেষ্ট সৰব হৈ পৰে। এনেদৰেই আজিৰ জনসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মূখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আদিয়ে নিজৰ নিজৰ ভাষণ দাঙি ধৰা পৰিলক্ষিত হল। আজিৰ এই জনসভাত উপৰোক্ত সকলৰ উপৰিও অসমৰ ৰাজ্যপাল জগদীশ মুখী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, হাগ্ৰামা মুহিলাৰী, বিজয়া চক্ৰবৰ্তী, ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোৱাৰীকে আদি কৰি বিজেপিৰ কেইবাগৰাকী সাংসদ, মন্ত্ৰী আৰু বিধায়কৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close