অসমনিবন্ধশীৰ্ষ

চাহ বাগিছা, চুলাই মদ আৰু জীৱন

পৰাগমণি আদিত্য

:আৰে মুৰ্গী কিতনা কা ৰে?
বজাৰলৈ আহি বাগানৰ শ্ৰমিকে সোধে।
:একছ আছী ৰূপয়া-মুৰ্গী বেপাৰীয়ে দাম কয়।
: দৌছ ৰূপয়া লে লে ৰে।

এশ আশী টকাৰ মুৰ্গী দুশটকাত কিনি লৈ যায় মগলু-জগনুৱে। টকালৈ পৰোৱা নকৰে। দহ টকাৰ সামগ্ৰী বিশটকাত কিনি আনন্দ মনেৰে গুছি যায়।

কাৰণ তেওঁলোকৰ বোনাচ হৈছে। বোনাছ বছৰত এবাৰেই হয়। দুৰ্গাপূজাৰ প্ৰাকমূহূৰ্তত।

চাহ শ্ৰমিকৰ বিষয়ে আলোচনা হ’লেই বন্ধু প্ৰাণজিতে Pranjit Saikia এই কাহিনীটো সদায়েই কয়। প্ৰাণজিতে বাগিচাৰ সৈতে নিজৰ সম্পৰ্কৰ কথা গৌৰৱেৰে কয়। মই নিশ্চিত যে- চুলাই খাই এশতকৈ অধিক চাহ শ্ৰমিকৰ মৃত্যু হোৱাৰ সময়তো এঈ কথা ৰাজহুৱাকৈ কৈছে। প্ৰাণজিতে খুব ভালকে ছাঁদ্ৰী (চলিত ভাষাত বাগানীয়া) ক’ৱ পাৰে।

চফ্ৰাইৰ বাগান বজাৰ গৰম হৈ থাকে। কিন্তু বোনাচ দিয়াৰ সপ্তাহ বজাৰ ‘পাগলা’ হৈ যায়। দাম যদি দহ টকা, বাগানৰ শ্ৰমিকে বিশ টকা জোৰ-জবৰদস্তি দিবলৈ পৰোৱা নকৰে। এলেকাটোৰ ধনী মানুহখিনিয়েও বোনাছ বজাৰলৈ যাবলৈ ভয় কৰে। কাৰণ মানুহখিনি অবাশ্বাস্যভাবে উদাৰ হৈ পৰে।

কাৰণ তেওঁলোক টকাৰ মুখলৈ নোচোৱা মানুহ। যি শ্ৰম কৰিব জানে। শ্ৰমৰ বিনিময়ত যি পায় তাতেই সুখী হৈ থাকে।

এসময়ত শোষণৰ বলি হৈছিল। পিছত আৰম্ভ হ’ল প্ৰবঞ্চনা।

সাপ্তাহিক মজুৰীৰ টকা কেইটা দেওবাৰেই শেষ হ’ব লাগিব। নহ’লে সোমবাৰে কামলৈ নাযাবও পাৰে। যৎসামান্য যি কেইটা মজুৰী দিয়ে, সেয়াও দেওবাৰে সন্ধিয়াৰ ভিতৰত খৰছ কৰি শেষ হ’বই লাগিব। নহ’লেই বিপদ।

টকা কেইটা শেষ কৰাৰ অলেখ প্ৰলোভন। দেওবাৰে বাগান বজাৰ মায়াময় হৈ উঠে। ৰঙীন আৱেশত বুৰ গৈ মাতাল হৈ উঠাৰ সকলো ব্যৱস্থা মজুত থাকে বাগান বজাৰত।

সাপ্তাহিক মজুৰীৰ ধন কেইটা পুনৰ কাঢ়ি নিয়াৰ যি কেইটা ব্যৱস্থা সাজু হৈ থাকে, তাৰ অন্যতম হ’ল চুলাই মদ। বাগান বজাৰৰ এক-ডেৰ কিল’মিটাৰ আগৰে পৰা চুলাইৰ দোকান বহে।

চুলাইৰ সৈতে সস্তীয়া খাদ্য। ছাগলীৰ নাড়ী-ভেৰুৰ ভাজী। শামুক, উইছিৰিঙা, পানীপোক আদিও স্থান আৰু খাদ্যাভাষভেদে উভৈনদী হৈ থাকে।

বজাৰৰ পোৱাৰ আগতেই আৰম্ভ হয় চুলাইৰ ৰাগী। ‘বাগানীয়া ভাষাত’ হাৰিয়া। হাৰিয়াত আকন্ঠ ডুব গৈ বজাৰ পোৱাৰ পিছত কথাবোৰ বেলেগ হৈ পৰে। হঠাৎ উদাৰ আৰু ধোৱা খূলীয়া হৈ পৰা মানুহবোৰে প্ৰায়েই উভতি যাওঁতে পৰায়ালৰ সাপ্তাহিক বজাৰখিনিও নিবলৈ পাহৰি যায়। নিলেও বাটতে এৰি থৈ যায়। ঘৰ নাপায়হি। এনেকুৱা নহয় যে কেৱল পুৰুষ সকলেই এই ব্যাধিত আক্ৰান্ত। মহিলা সকলো এই ব্যৱস্থাৰ চিকাৰ হ’য়।

ফলত পিছদিনা পুৱাই কামকাজলৈ যোৱাৰ গত্যন্তৰ নাথাকে।

তেওঁলোকৰ সাপ্তাহিক মজুৰী যাতে সপ্তাহতে শেষ হয় তাৰবাবে দেওবাৰে দিনটোত কি যে প্ৰলোভনে অপেক্ষা কৰি নাথাকে!

ফাঁকি দি অসমলৈ অনাৰ দু:খ পাহৰিবলৈ এদিন তেওঁলোকে সুৰাৰ আশ্ৰয় লৈছিল।

ব্ৰিটিছে সেয়া শোষণৰ আন এক আহিলা কৰি ল’লে। তেওঁলোকৰ হাতত যাতে টকা জমা নাথাকে, খোৱা-পিন্ধাৰ বাহিৰে যাতে আন কমলৈ টকা নাথাকে, সেয়া নিশ্চিত কৰিব পাৰে বাগান বজাৰে। বাগান বজাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰলোভনটোৰ নামেই হ’ল চুলাই মদ।

এই চুলাইৰ বাবে শ্ৰমিকৰ আয়ুস ক’ম। বহুতে পঞ্চাশৰ ঘৰো নোচোৱে। বাগানৰ লাভ।

শিক্ষাৰ হাৰ ক’ম। ল’ৰা ছোৱালী উচ্চ শিক্ষিত হৈ বাহিৰলৈ যাব নোৱাৰে। বাগানে শ্ৰমিক নেহেৰুৱাই। বাগানৰ লাভ।

টকা জমা কৰি কাইলৈ বেলেগ কিবা কাম এটা কৰো বুলি কৰিব নোৱাৰে। বাগানৰ লাভ।

ক’ৰবাত মাটি এটুকুৰা লৈ নিজাকৈ ঘৰ এখন সাজিব নোৱাৰে। বাগানৰ লাভ।

এই লাভৰ বাবেই বাগানে বাগানে চুলাই মদৰ ভাটি। চুলাইৰ বজাৰ।

চুলাই মদ শ্ৰমিকৰ ব্যয়সাধ্য হৈ থকাটো দৰকাৰী। দাম কমাই ৰখাৰ বাবেই অসাধু ব্যবসায়ীয়ে গেলা বেটাৰী (আমি যিবোৰ বেটাৰী পেলাই দিওঁ), পঁচা চেণ্ডেল, ইউৰিয়া, চোৰাটৰ পাত আৰু শেহতীয়াকৈ একাংশ ফাৰ্মাচীত পোৱা টেবলেট (ড্ৰাগছ) ব্যৱহাৰ কৰিবলৈ লৈছে।

সময়ৰ সোঁতত বাগানৰ পৰা আহি গাওঁ সমূহতো চুলাই উভৈনদী হৈ পৰিল।

এই চুলায়ে কালৰূপ লোৱাটো অবধাৰিত আছিল। ভবিষ্যতে অধিক সংহাৰী ৰূপ লোৱাটোও নিশ্চিত। প্ৰতীক্ষা কেৱল সময়ত।

একোখন ঘৰ, একোটা পৰিয়াল, একোটা অঞ্চল চুলাইত যাঁহ গৈছে। বিষক্ৰিয়াত যদি এশ মৰিছে, শ্ল’ পইজনত লাখ লাখ নিশ্চিত মৃত্যুৰ মুখলৈ আগবাঢ়িছে।

ব্ৰিটিছৰ দিনৰেপৰা চক্ৰান্ত চলি আহিছে, ভৱিষ্যতলৈও চলি থাকাব।

Related Articles

Leave a Reply

Close