অসম

চেঙাত উদ্বোধনী খেলত এ ন জে দলৰ জয়লাভ

প্ৰথম খবৰ, চেঙা: 24 ফেব্ৰুৱাৰী: চেঙা বেচিক খেল পথাৰত আজিৰে পৰা আৰম্ভ হোৱা গধুৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত এ ন জে দলে চাৰি উইকেটত জয়লাভ কৰে।খেলখনত এটেক দলে প্ৰথমতে বেট ধৰি ন অ’ভাৰতে সকলোবোৰ উইকেটত হেৰুৱাই মাত্ৰ 46 ৰানে সংগ্ৰহ কৰে।এ ন জে দলে 6 অ’ভাৰ 3 টা বল খেলি 6 টা উইকেটতৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়।উল্লেখ্য যে 40001 টকা আৰু 25001 টকা প্ৰাইজমানী এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত চেঙা সমষ্টিৰ অগপ নেতা ৰবিউল হুছেইন,বিজেপি নেতা জিতু তালুকদাৰৰ লগতে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে । খেল আৰম্ভ হোৱাৰ আগতে দুয়োটা দলৰ লগতে উপস্থিত সকলোৱে পুলৱামাৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই মৌন প্ৰাৰ্থনা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close