অসমশীৰ্ষ

জনপ্ৰিয় কণ্ঠশিল্পী কোকিলা সৰকাৰক প্ৰহাৰ কৰা যুৱকক আটক

প্ৰথম খবৰ বৰপেটাৰ :- বৰপেটাৰ পালহাজীত সংগীতানুষ্ঠানত সংগীত পৰিবেশন কৰি থাকোতে কোকিলা সৰকাৰ নামৰ জনপ্ৰিয় কণ্ঠশিল্পী এগৰাকী প্ৰহাৰ কৰা যুৱকজনক বৰপেটা আৰক্ষীয়ে আজি যুৱকজনক আটক কৰে ৷ বৰপেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তমিজুৰ ৰহমান নামৰ যুৱকজনক পালহাজীৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, যোৱা ১৪ জানুৱাৰীত বৰপেটাৰ পালহাজী কনৰাপাৰা নৱমিলন যুৱক সংঘৰ সপ্তম বাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী কোকিলা সৰকাৰে গীত পৰিবেশন কৰি থাকোতেই তমিজুৰ ৰহমান নামৰ পালহাজীৰ যুৱক জনে মঞ্চত উঠি কণ্ঠশিল্পী গৰাকীক অতৰ্কিতে প্ৰহাৰ কৰে ৷ শিল্পীগৰাকীয়ে এই ঘটনাৰ সবিশেষ জনাই বৰপেটা সদৰ থানাত দিয়া এজাহাৰ ভিত্তিত আৰক্ষীয়ে ১৭৪/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু আজি যুৱকজনক আটক কৰে ৷ আৰক্ষীয়ে যুৱকজনক আজি বৰপেটা আদালতত হাজিৰ কৰোৱাত যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

Related Articles

Leave a Reply

Close