অসমথোৰতেশীৰ্ষ

জামাতুল মুজাহিদীনৰ বোমা প্ৰস্তুতকাৰীৰ ৰূপত অসমৰ যুৱক

প্ৰথম খবৰ, বৰপেটা: কুখ্যাত মৌলবাদী জামাতুল মুজাহিদীনৰ বোমা প্ৰস্তুতকাৰী অসমৰ যুৱক৷ কেৰালাত পশ্চিম বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আব্দুল মতিনৰ গ্ৰেপ্তাৰৰ পিছতেই ওলাইছে এই চাঞ্চল্যকৰ তথ্য৷ আনকি, তিনিবছৰ পূৰ্বে আৰক্ষীৰ জালত পৰা জেএমবিৰ দুৰ্ধৰ্ষ কেডাৰ ছাহানুৰ আলমৰ অতিকে ঘনিষ্ঠ আব্দুল মতিন বৰপেটাৰ ভৱানীপুৰ থানাৰ অন্তৰ্গত কাৰিগাঁৱৰ শিক্ষক আব্দুছ চাত্তাৰৰ পুত্ৰ৷ সম্প্ৰতি, বংগ আৰক্ষীয়ে ধৃত মতিনৰ অধিক তথ্য বিচাৰি বৰপেটাৰ আৰক্ষীৰে যোগাযোগ কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Close