অসমশীৰ্ষৰাজ্যৰ খবৰ

দুদিনৰ ভিতৰত জনজাতিকৰণ নহ’লে অসমত ভূমিকম্প অনাৰ হুংকাৰ আক্ৰাছু নেতাৰ

গুনজিত দাস ,ওদালগুৰি, 11 ফেব্ৰুৱাৰী :
জনজাতি কৰণ আৰু কমতাপুৰ আমাৰ প্ৰাপ্য।সুঘীৰ্ঘ বছৰে আমি আমাৰ প্ৰাপ্যৰ বাৱে সংগ্ৰাম কৰিলো।জনজাতি কৰণৰ প্ৰতিশ্ৰুতিত আমি বিগত নিৰ্ব্বাচনৰ বিজেপি দলক ভোট দিছিলো।কিন্তু বি জে পি চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। চৰকাৰে অসমখন অস্হিৰ কৰি ৰাখিব বিছাৰিছে। প্ৰাপ্যৰ বাৱে পুনৰ সমদল সমাবেশ কৰিব লগা হৈছে।আৰু অপেক্ষা নকৰো।পৰহি 13 ফেব্ৰুৱাৰীত জনজাতি কৰণ নিশ্চিত নহ’লে অসমত আমি ভূমিকম্প আনিম-এই সকিয়নী সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্হা(আক্ৰাছুৰ )ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনৰ । জনজাতি কৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰুদ্ধাৰৰ দাবীত কোঁচ ৰাজবংশী সন্মিলনী,আক্ৰাছু আৰু কোঁচ ৰাজবংশী মহিলা সন্মিলিতৰ উদ্যোগত আজি ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত আজি এক বিশাল গনসমাবেশ অনুষ্ঠিত হয় । কোঁচ ৰাজবংশী সন্মিলনীৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি খজেন ডেকাই আতধৰা সমাবেশত অংশ গ্ৰহন কৰি আক্ৰাছুৰ সম্পাদক বৰ্মনে আশ্বাস শুনি শুনি বিশ্বাস হেৰাই যোৱা বুলি উল্লেখ কৰি অহা তেৰ ফেব্ৰুৱাৰী দিনটো সমস্যা সমাধানৰ শেষ সময় সীমা বান্ধি দি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে। ভাষণ প্ৰসংগত কোঁচ ৰাজবংশী সকল একত্ৰিত হোৱা বাবে কোঁচ আৰু ৰাজবংশী সুকীয়া নামাকৰনেৰে বিভাজনৰ ৰাজনীতি কৰা বুলি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি জাতিৰ নামত দালালি কৰা সকলক ৰাইজৰ আদালতত বিচাৰ কৰিব বুলি সকিয়াই দিয়ে। বি টি চিত কোচৰাজবংশী সকলৰ লগতে অন্যান্য জনগোষ্ঠী সকল কুকুৰ-মেকুৰীৰ দৰে জীয়াই থাকিব লগা বুলি মন্তব্য কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰো ভুমিকাৰ তীব্ৰ সমালোচনা কৰে আক্ৰাছু নেতা গৰাকীয়ে। তেও উল্লেখ কৰে- মহিলাৰীয়ে সভাই সমিতিয়ে কোঁচ ৰাজবংশী সকলৰ জনজাতি কৰণত আপত্তি নাই বুলি কয়।কিন্তু তেওঁৱেই আচল ঠাইত তলা মাৰি থোৱা বুলি নেতা গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জনজাতি কৰণৰ বিৰোধিতা কৰা ট্ৰাইবেল সংঘৰ লগতে আন পক্ষকো তেও সমাবেশৰ জৰিয়তে সকীয়াই দিয়ে ।ৰাজবংশী ৰাইজক মাত্ৰ দুদিন অপেক্ষা কৰিবলৈ দি জনজাতি কৰণ নহ’লে প্ৰতিজন কোঁচ ৰাজবংশী লোককে ৰাজপথলৈ ওলাই আহিবলৈ আক্ৰাছু নেতা বৰ্মনে আহ্বান জনাই। আৰম্ভনিতে সন্মিলনিৰ নেতা খজেন ডেকাই আদৰণি ভাষনত জনজাতি কৰণ নহ’লে আগন্তুক লোকসভা নিৰ্ব্বাচন বৰ্জন কৰাৰ সংকল্প লোৱাৰ আহ্বান জনাই। সমাবেশত কোঁচ ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি বীৰেশ্বৰ শইকীয়াই কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কোঁচ ৰাজবংশীং শীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ সদিচ্ছা নথকা বাৱেই লোকসভাত জনজাতি কৰণৰ বিলখন উত্থাপন নকৰা বুলি মন্তব্য কৰে। জনজাতি কৰণ তথা চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰা সমাবেশত আছুৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, সন্মিলনিৰ কেন্দ্ৰীয় সম্পাদক ৰনজিত ৰায় আৰু আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিত ৰায় সহ কেইবাজনো নেতাই সমাবেশত ভাষণ দিয়ে।

Related Articles

Leave a Reply

Close