অসম

দুধনৈত আবকাৰী বিভাগে নহয়,আৰক্ষীয়ে হে উচ্ছেদ কৰিলে কেইবাটাও চুলাইৰ ঘাটি।

নষ্ট কৰিলে ২ হাজাৰৰো অধিক অবৈধ চুলাই মদ

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী। ,দুধনৈ, ২৪ ফেব্ৰুৱাৰী,:- দুধনৈত আবকাৰী বিভাগে নহয় ,আৰক্ষী বিভাগেহে তৎপৰ হোৱা দেখা গৈছে চুলাই মদৰ বিৰুদ্ধে ৷ যোৰহাট আৰু গোলাঘাট কাণ্ডই গা ল’ৰাব পৰা নাই কুম্ভকৰ্ণ নিদ্ৰাত পৰি থকা গোৱালপাৰা জিলা আবকাৰী বিভাগক ৷
চুলাই মদে গোলাঘাট আৰু যোৰহাটত সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এতিয়ালৈকে শতাধিক লোকে বিষ সদৃশ চুলাই মদ খাই মৃত্যুমুখত পৰিছে ৷ তাৰ পিছতো কিন্তু গা ল’ৰা নাই জিলা আৱকাৰী বিভাগৰ ৷ উল্লেখ্যনীয় বিষয় এয়ে যে আবকাৰী বিভাগটোৱে নকৰা কাম দুধনৈ আৰক্ষীয়ে কৰি দেখুৱাইছে ৷ দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত দুধনৈৰ লগতে পাৰ্শৱৰ্তী এলেকাত অভিযান চলাই গৈছে অবৈধ চুলাই মদৰ বিৰুদ্ধে ৷ লেলাৰ ডাব্‌লি অঞ্চলত আৰক্ষী আৰু কমাণ্ডোৰ এটা বৃহৎ দলে কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰে ৷ নষ্ট কৰে ২ হাজাৰ লিটাৰৰো অধিক চুলাই মদ, অৱশ্যে আৰক্ষী দেখি পলায়ন কৰে চুলাই মদৰ ঘাটিৰ ব্যবসায়ী সকলৰ লগতে গ্ৰাহক সকল। ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰেই দাঁতিতে গঢ় লৈ উঠা এই চুলাইৰ ঘাটি সমূহ দেখা নাপায় আবকাৰী বিভাগে ৷ ইয়াকে লৈ সৰৱ হৈছে গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ সংগঠনটোৰ নেতৃত্বই গুৰুতৰ অভিযোগ কৰি কয় যে, আবকাৰী বিভাগে কেৱল কমিচনৰ অংকত ব্যস্ত ৷ যাৰ ফলত উজনি অসমৰ দুখন জিলাত চুলাই মদে শতাধিক লোকৰ প্ৰাণ লোৱাৰ পিচতো কোনো কাণসাৰ নাই গোৱালপাৰাৰ আবকাৰী বিভাগৰ। বিভাগীয় মন্ত্ৰী গৰাকীৰ পদত্যাগৰো দাবী কৰিছে সংগঠনটোয়ে ৷ দুধনৈৰ আৰক্ষীৰ এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলবাসীয়ে লগতে পাণ-তামুলৰ দোকানৰ দৰে যত-ততে গঢ় লৈ উঠা মদৰ দোকান সমুহ পুলিয়ে পোখালিয়ে উৎখাত কৰি অঞ্চলটোৰ পৰিবেশ নিকা কৰিবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close