অসম

দূৰ্গম পাহাৰত বাট-পথৰ উন্নয়ন আৰু সৌৰ বিদ্যুৎ যোগানেৰে এন্ধাৰ আঁতৰাই পোহৰ কৰি ৰাইজৰ সপোন দিঠকত পৰিণত কৰিম”–মংগলছিং তিমুং।

খেৰণি, ৬ ফেব্ৰুৱাৰী:—– দূৰ্গম পাহাৰত বাট-পথৰ উন্নয়ন, সৰ্বাংগীন উন্নয়ন সাধন আৰু সৌৰ বিদ্যুৎ যোগানেৰে এন্ধাৰ আঁতৰাই পোহৰ কৰি ৰাইজৰ সপোন দিঠকত পৰিণত কৰাৰ লক্ষ্যৰে কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিৰ বিভিন্ন প্ৰান্তত জনপ্ৰতিনিধি স্বয়ং উপস্থিত হৈ চলিত নিৰ্মাণ কাৰ্য্যৰ পৰিদৰ্শন কৰাৰ বিপৰীতে ৰাইজে সন্মুখীন হৈ অহা জ্বলন্ত সমস্যাৰ বুজ লয় আজি পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে। উল্লেখযোগ্য যে পৰিদৰ্শনৰ সময়ছোৱাত কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ সৈতে পৰিষদীয় হামৰেন সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ’, হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ ক্ৰমে কাৰ্যালয় সম্পাদক হাৰমন বে’, বিজেপি নেতা লংছিং ৰংফাৰ, বিজেপি মহিলা নেতৃবৃন্দৰ লগতে গৰকাপ্তানী বিভাগৰ বিভাগীয় বিষয়া একেলগে একত্ৰিত হৈ প্ৰথমে নিৰ্মীয়মান অৱস্থাত থকাত ডেৰাজুৰি-ইংলং কেজই-নক টেৰাং সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ পৰিদৰ্শন কৰে জনপ্ৰতিনিধি গৰাকীয়ে। আনহাতে পাহাৰৰ অতি দুৰ্গম স্থানত অৱস্থিত ইংলং কেজই গাঁৱৰ গাঁওবাসীক অহা ১২ ফেব্ৰুৱাৰীত গাওঁখনত বসবাস কৰি থকা প্ৰায় ৮০ টা পৰিয়ালক দুখন কম্বল, দুখনকৈ ঔষধযুক্ত আঁঠুৱাৰ লগতে গাওঁখনত ৰাজহুৱাভাৱে সৌৰ বিদ্যুৎ যোগানেৰে বিজুলী চাকিৰ ব্যৱস্থা কৰিব বুলি ৰাইজক জানিবলৈ দিয়ে মংগলছিং তিমুঙে। ইয়াৰ পাছতেই তিমুঙে ৰংখাং উন্নয়ন খণ্ডৰ অধীনত নিৰ্মাণ সম্পূর্ণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ শুভ উদ্বোধন কৰে। এইদৰে হামৰেন সমষ্টিৰ হাৰলং চৰাত হিতাধিকাৰী ক্ৰমে খৰছিং টেৰাং, কাৰেং ৰংহাংপি, হাৰলং-চেবাত গাওঁৰ হিতাধিকাৰী কোংৰী বে’পী, দেউৰী ইংলেং গাওঁৰ চিকাৰী ক্ৰ’কে আদি কৰি প্ৰায় দহোটাতকৈ অধিক পি এম এ ৱাই গৃহৰ শুভ উদ্বোধন কৰে মংগলছিং তিমুঙে। মন কৰিবলগীয়া কথা যে ইফালে সমষ্টিটোৰ অন্তৰ্গত লাং-মিনছ’ গাওঁত গাওঁখনৰ গাওঁবাসীয়ে ইতিমধ্যে উল্লেখিত সমষ্টিটোৰ জনপ্ৰতিনিধি গৰাকীয়ে কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰাৰ বাবে এখন মুকলি সভা আয়োজন কৰি শতাধিক পুৰুষ-মহিলাই কাৰ্বি মাফলা, গামোছা আদিৰে উষ্ম আদৰণি জনায় মংগলছিং তিমুঙক। আনহাতে এই সভাৰ মজিয়াতে ১১ টাকৈ পৰিয়ালে মংগলছিং তিমুঙৰ উপস্থিতিত কংগ্ৰেছ, এইছ এছ ডি চি দল ত্যাগ কৰি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাত ৰাইজক উদ্দেশ্যি তিমুঙে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাইজক মাৰ বান্ধি সাজু হবলৈ আহ্বান জনায় আৰু অঞ্চলটোত কেৱল বাটপথ বা পি এম এ ৱাই গৃহই নহয় প্ৰত্যেকটো সমস্যাই ক্ৰমানুক্ৰমে দূৰ কৰিম বুলি উপস্থিত ৰাইজক প্ৰতিশ্ৰুতি দিয়ে মংগলছিং তিমুঙে।

Related Articles

Leave a Reply

Close