অসমবাণিজ্যশীৰ্ষৰাষ্ট্ৰীয়

দেশৰ প্ৰথমখন ছুপাৰফাষ্ট ট্ৰেইনৰ ভাড়া কিমান? ক’ত চলে?

প্ৰথম খবৰ ব্যুৰ’:

অৱশেষত যাত্ৰা আৰম্ভ হ’ল প্ৰথমখন ছুপাৰফাষ্ট ট্ৰেইনৰ৷ নাম দিয়া হৈছে বন্দে ভাৰত এক্সপ্ৰেছ৷ নতুন দিল্লী আৰু বাৰাণসীৰ মাজত চলাচল কৰা এই ছুপাৰফাষ্ট ৰে’লগাড়ীখনত ৰাজধানী, দূৰন্ত আৰু শতাব্দী এক্সপ্ৰেছত থকা সুবিধাৰ উপৰিও অন্যান্য বহু সুবিধাৰ প্ৰসাৰ ঘটোৱা হৈছে৷ ৱাইফাই, স্বয়ংক্ৰিয় দৰ্জা আদিকে ধৰি বহু সা-সুবিধা৷ আনকি, ৰে’লখন কেৱল কাণপুৰ আৰু এলাহাবাদৰ বাহিৰে অন্য কোনো ষ্টপেজত নৰয়৷ দিল্লীৰ পৰা প্ৰতি সপ্তাহৰ মঙল, বুধ, শুকুৰ, শনি আৰু দেওবাৰে চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছে আঠ ঘণ্টাত 769 কি়মি দূৰত্ব অতিক্ৰম কৰিব৷ দিল্লীৰ পৰা এচি চেয়াৰ কাৰৰ ভাড়া 1760 টকা আৰু এক্সিকিউটিভ চেয়াৰ কাৰৰ ভাড়া 3310 টকা প্ৰতিজন যাত্ৰীৰ৷ কাণপুৰ আৰু এলাহবাদলৈ এচি চেয়াৰ কাৰৰ ভাড়া 1080 আৰু 1360 টকা৷ আনহাতে, এক্সিকিউটিভ শ্ৰেণীৰ ভাড়া 2085 আৰু 2725 টকা৷ ইতিমধ্যে
মেক ইন ইণ্ডিয়াক লৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টিপ্পনী দি কৈছে বিষয়টোক লৈ পুনৰ চিন্তা কৰক মোডীয়ে৷ আনহাতে, বন্দে ভাৰত এক্সপ্ৰেছৰ আসন তিনি মাৰ্চ পৰ্যন্ত আগতীয়া বুকিং হৈছে৷ ফটো সৌজন্য- ফেচবুক

আৰু পঢ়ক http://prathamkhabar.com/2019/02/পাটনাত-তেৰ-হাজাৰ-কোটিৰ-মে/

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close