অসম

দৰংগিৰীত ট্ৰাক আৰু বাইকৰ সংঘৰ্ষত কলেজীয়া ছাত্ৰৰ মৃত্যু

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী ,৬ ফেব্ৰুৱাৰী:-কিলাৰ হাইওৱেত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ। আজি দুপৰীয়া দুধনৈত এগৰাকী যুৱতী দ্ৰুতবেগী যাত্ৰীবাহী ৰেলৰ খুন্দাত নিহত হোৱাৰ কিছু সময় পিছতেই বিয়লি প্ৰায় ১.৩৫ মান বজাত দুধনৈৰ নিকটৱৰ্তী দৰংগিৰিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয় । আৰক্ষী সূত্ৰে জানিব পৰা নিহত যুৱক জন আগিয়া থানাৰ অন্তৰ্গত ৰামপুৰ গাৱঁৰ টিকেন্দ্ৰজিৎ ৰাভা(২০)। টিকেন্দ্ৰজিৎ ৰাভা ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল । তেওঁ কলেজৰ পৰা বাইকেৰে (এ এছ-১৮-ডি-৮২২১)ঘৰলৈ গৈ থাকোতে দৰংগিৰিত এ এছ -0১-ই চি-৫০৪৬ নম্বৰৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাত ছাত্ৰ জন থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close