অসমশীৰ্ষৰাজ্যৰ খবৰ

নিজে আধাৰশিলা স্থাপন কৰা বগীবিল দলঙত প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াৰ ছেলফী

প্ৰথম খবৰ ব্যুৰ’:
২২ বছৰৰ পূৰ্বে তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেবেগৌড়াই আধাৰশিলা স্হাপন কৰিছিল বগীবিল দলঙৰ। তেওঁ দেখা সেই সপোন এতিয়া বাস্তব।হয়, কু’লাজানত ১৯৯৭ চনৰ ২২ জানুৱাৰীত আধাৰশিলা স্থাপন কৰিছিল তেওঁ বগীবিল দলঙৰ।যোৱা ২৫ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে এই বগীবিকল দলং উৰ্চগা কৰাৰ পিছৰে পৰাই উৎকন্ঠিত হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়া ।নিজে আধাৰশিলা কৰা সপোনৰ দলংখন এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে। তেনে এক অনুসন্ধিৎসু মন লৈ আজি উপস্থিত হলহি তেওঁ।লগত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাং৷ দলঙত বহুতৰে অনুৰোধত ছেলফিও তুলিলে৷ কিন্তু দেৱেগৌড়াই ক’লে- কৃতিত্বৰ বিচাৰি অহা নাই৷ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উদ্বোধন কৰিছে, মোক মনত নেপেলালে বা মনত নপৰিল, সেইটো ডাঙৰ কথা নহয়, মানুহ সুখী, সেইটোহে ডাঙৰ কথা৷ বাতৰি -ৰাতুল বুঢ়াগোহাইৰ সৌজন্যত

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close