অসমশীৰ্ষ

পশ্চিমবংগত প্ৰধান মন্ত্ৰী মোডীৰ ট্ৰিপল টী, বিধেয়ক গৃহীত হ’বই!

কলকাতা, ২ ফেব্ৰুৱাৰীঃ
পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে প্ৰধান মন্ত্ৰী মোডীয়ে। মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক টাৰ্গেট কৰি মোডীৰ প্ৰশ্ন- ‘মোক এইকাৰণেই সমালোচনা কৰা হৈছে, যে মই ক’লা ধনৰ বিৰুদ্ধে কাম কৰিছো, দিদি, ভয় কৰিছে কিয়?’- ইপিনে, তৃণমূল কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰী মোডীয়ে ক’লে ট্ৰিপল টীৰ কথা। ট্ৰিপল টী মানে তৃণমূল, টোলবাজী, টেক্স। আনপিনে, বাজেটৰ কথা উল্লেখ কৰি মোডীয়ে বিজেপিৰ সৱ কা সাথ, সৱকা বিকাশ নীতিৰেই বাজেট দাখিল হোৱা বুলি উল্লেখ কৰে। ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মোডীয়ে বিধেয়কখন গৃহীত হ’বই বুলি ভাষণত উল্লেখ কৰি তৃণমূল কংগ্ৰেছকো সমৰ্থন জনাবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close