অসমআন্তঃৰাষ্ট্ৰীয়শীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পানী যুদ্ধ ঘোষণা, ইছলামাবাদত প্ৰতিক্ৰিয়া কি?

প্ৰথম খবৰ ব্যুৰ’
পুলুৱমাৰ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক যুদ্ধ অব্যাহত ৰাখিছে দেশৰ চৰকাৰে। আনকি, বিশ্বৰ বিভিন্ন শক্তিশালী দেশেও পাকিস্তানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৱল স্থিতি ল’বলৈ আহ্বান জনাইছে। ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা তিনিখন নৈৰ পানীৰ গতিত বাধাদান কৰি পাকিস্তানৰ বিৰুদ্ধে একপ্ৰকাৰ পানী যুদ্ধ ঘোষণাৰ পিছত প্ৰতিক্ৰিয়া আহিছে ইছলামাবাদৰ। ‘সিন্ধু জল চুক্তিৰ জৰিয়তে পূৱ প্ৰান্তৰ নদীৰ পানী যদি ভাৰতে অন্য কামত ব্যৱহাৰ কৰে, বা দেশৰ অন্য লোকক ভগাই দিয়ে তাত পাকিস্তানৰ অলপো আপত্তি নাই।’- পাকিস্তানৰ ডন নিউজত এই কথা কৈছে পাক জল পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবে। কিন্তু পশ্চিম প্ৰান্তৰ নদী সিন্ধু, ঝিলাম বা চেনাবৰ সোঁত বন্ধ কৰাৰ বাবে যদি ভাৰতে প্ৰক্ৰিয়া আৰম্ভ কৰে, তেতিয়া নিঃসন্দেহ তীব্ৰ আপত্তি দৰ্শাব পাকিস্তানে। উল্লেখ্য যে, ১৯৬০ চনত স্বাক্ষৰ কৰা সিন্ধু জল চুক্তি মৰ্মে পশ্চিম প্ৰান্তৰ নদী সিন্ধু, চেনাব আৰু জিলামৰ পানীত অধিকাৰ পাকিস্তানৰ আৰু পূৱ প্ৰান্তৰ তিনি নৈ ৰবি, বিপাশা আৰু শতদ্ৰুত অধিকাৰ আছে ভাৰতৰ। অৱশ্যে, এই তিনিও নদীৰ হাইড্ৰ’পাৱাৰ প্ৰকল্প সন্দৰ্ভতো অগ্ৰাধিকাৰ দি আহিছে দেশৰ জল পৰিক্ৰমা মন্ত্ৰালয়ে।

Related Articles

Leave a Reply

Close