অসমশীৰ্ষৰাষ্ট্ৰীয়

পাটনাত তেৰ হাজাৰ কোটিৰ মেট্ৰ’ ৰে’ল, গুৱাহাটীত মেট্ৰ’ ৰে’লৰ কি হ’ল?

প্ৰথম খবৰ ব্যুৰ’:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পাটনাত তেৰ হাজাৰ কোটিৰ মেট্ৰ’ ৰে’লৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে৷ একেদিনাই চাপ্ৰা আৰু পুনিয়াত দুখনকৈ মেডিকেল কলেজৰো আধাৰশিলা স্থাপন কৰিলে৷ সৰ্বমুঠ তেত্ৰিছ হাজাৰ কোটিৰ প্ৰকল্পৰ শুভাৰম্ভণি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ৷ একেদিনাই কেইবাটাও প্ৰকল্পৰ লগতে বাৰাউণী শোধনাগৰতো তিনিটা নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ এই বাৰাউণীৰ সৈতে অসমৰ গেছ পাইপলাইন সৰৱৰাহৰ প্ৰকল্প বিগত 9 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ সময়ত শুভাৰম্ভ কৰিছিল৷ প্ৰশ্ন হয়- বিগত কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ আমোলতে গুৱাহাটীত মেট্ৰ’ ৰে’লৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছিল, সেই মেট্ৰ’ ৰে’লৰ প্ৰকল্প কি হ’ল কোনেও নাজানে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close