অসম

প্ৰাক্তন ছাত্ৰ সন্মিলন গঠন

ডুমডুমা , ফেব্ৰুৱাৰী ২৪ :- ১৯৪৮ চনত প্ৰতিষ্ঠিত ডুমডুমাৰ অগ্ৰণী শিক্ষানুষ্ঠান হুনলাল উচ্চ মাধ্যমিক বিদ্যালয়ে সম্প্ৰতি উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীত হৈ বৃহত্তৰ ডুমডুমা অঞ্চলত শিক্ষাৰ পোহৰ বিলাই আহিছে। শেহতীয়াকৈ বিদ্যালয় খনিৰ সোতৰ গৰাকী প্ৰাক্তন ছাত্ৰই বিদ্যালয় খনিৰ উন্নতিকল্পে চিন্তা-চৰ্চা কৰাৰ মানসেৰে এখনি “প্ৰাক্তন ছাত্র সন্মিলন” গঠন কৰিবলৈ আহ্বান জনোৱা সভাখনি আজি অনুষ্ঠিত হয় । প্ৰাক্তন ছাত্র গোবিন্দ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত গোবিন্দ ফুকনক সভাপতি , ললিত গগৈক কাৰ্যকৰী সভাপতি , ৰাহুল বড়া , দেবেন ডেকা , বিষ্ণু ভূঞা আৰু জিতু গগৈক উপসভাপতি , মণি দত্তক সাধাৰণ সম্পাদক , অনুপম হাজৰিকা আৰু কৌশিক দত্তক যুটীয়া সম্পাদক , ৰাজু বড়া , কৌস্তভ গগৈ , দিব্যজ্যোতি গগৈ , শিৱজিৎ হাজৰিকা আৰু ঋতুৰাজ ফুকনক সহকাৰী সম্পাদক , পুঞ্জণজ্যোতি সোণোৱাল আৰু সুৰভী ডেকাক কাৰ্যালয় সম্পাদক , গৌৰীশং কৰ চেতিয়া আৰু বিনোদ বৰুৱাক কোষাধ্যক্ষ আৰু অভিজিৎ খাটনিয়াৰ , কুলধৰ বৰ্মন , মনোজ বৰুৱা আৰু সূৰ্যকান্ত কাকতিক প্ৰচাৰ সম্পাদক হিচাপে লৈ প্ৰাক্তন ছাত্র সন্মিলনখন গঠন কৰা হয়।
আজিৰ সভাত বিদ্যালয়ৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বিষয়টো আলোচনা কৰা হয় আৰু নৱগঠিত প্ৰাক্তন ছাত্ৰ সন্মিলনক এই ক্ষেত্ৰত আগভাগ লৈ কামত আগবাঢ়িবলৈ দায়িত্ব দিয়া হয়।
সভাত প্ৰাক্তন ছাত্ৰ ধীৰেন ডেকা , যতীন শইকীয়া , আনচাৰুল হক চৌধুৰী , দেবেন ডেকা , গৌৰীশং কৰ চেতিয়া , অভিজিৎ খাটনিয়াৰ , অনুপম হাজৰিকা আদিয়ে বক্তব্য ৰাখে। প্ৰাক্তন ছাত্র পুঞ্জণজ্যোতি সোণোৱালে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিৰ আৰম্ভণিতে বিদ্যালয়খনিৰ অধ্যক্ষা সীমা চৌধুৰীয়ে আদৰণি ভাষণ দিয়ে। সভাত বিদ্যালয়খনিৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি প্ৰসাদ সোণোৱাল , প্ৰাক্তন অধ্যক্ষ ঝিকানন্দ বৰগোহাঁই আদিয়ে ও অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close