অসমশীৰ্ষৰাজ্যৰ খবৰ

বন্ধত চিকিৎসকক আক্ৰমণকাৰী বিজেপি নেকি

  •  

    প্ৰথম খবৰ ব্যুৰ’: বন্ধত চিকিৎসকক আক্ৰমণকাৰী বিজেপি নেকি? শেহতীয়াকৈ কেইবাটাও ফেচবুক পোষ্টত এই প্ৰশ্নৰ উত্থাপন কৰিছে অনেকেই৷ নিজকে অসমীয়া জাতি সংগ্ৰাম সমিতিৰ সম্পাদক বুলি চিনাকি দিয়া বিতোপন বৰাই তেওঁৰ ফেচবুক পোষ্টত লিখিছে,ডিগবৈ আৰক্ষীয়ে আটক কৰা বিপুল বুঢ়াগোহাই, ডিগবৈৰ বৰবিল পঞ্চায়তৰ 96 বুথৰ সভাপতি৷ বৰাই তেওঁৰ পোষ্টটোত উল্লেখ কৰিছে-
    খৱৰ_এটা_দিও_দেইঃ
    ডা° দিব্যাক কোনে আক্ৰমণ কৰিছিল ???
    কালি বন্ধৰ দিনটোত মাৰ্ঘেৰিটাৰ বাসিন্দা ডা° দিব্যাক বন্ধৰ সমৰ্থকে আক্ৰমণ কৰি তেওঁক আঘাটপ্ৰাপ্ত কৰাৰ লগতে তেওঁৰ গাড়ীৰ গ্লাচ ভাঙি হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিছিল । কিন্তু প্ৰকৃত আক্ৰমণকাৰী কোন জানেনে ?? ঘটনাৰ সংক্ৰান্তত ডিগবৈ আৰক্ষীয়ে Arrest কৰিছে bjp দলৰ এজন সক্ৰিয় নেতা, বিধায়ক Suren Phukan অতি ঘনিষ্ঠ , ডিগবৈ সমষ্টিৰ বৰবিল পঞ্চায়তৰ 96 নম্বৰ booth প্ৰেচিডেন্ট #বিপুল_বুঢ়াগোঁহাই যিজনে বিধায়ক পুঁজিৰ বহু কাম বিধায়কৰ ঘনিষ্ঠ সুত্রে কৰি আহিছে ।”
    কেৱল বিতোপন বৰাই নহয়, অন্য কেইবাজনো ব্যক্তিয়ে ইতিমধ্যে চিকিৎসক ডা: দিব্যা সিঙক আক্ৰমণৰ ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা বিপুল বুঢ়াগোহাই নামৰ লোকজন শাসক দলৰ সৈতে জড়িত৷ বিষয়টো সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও নাম প্ৰকাশত অনিচ্ছুক বিজেপিৰ শীৰ্ষ নেতা এজনে ধৃত লোকজন বিজেপিৰ হয়নে নহয় দলীয়ভাৱে তদন্তৰ অন্ততহে জনাব পৰা যাব৷ বিজেপিৰ কৰ্মী হ’লেও আইনমতে শাস্তি পাব বুলি মত ব্যক্ত কৰিছে নেতাজনে৷ অৱশ্যে, দলৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়াও শীঘ্ৰেই প্ৰকাশ পাব৷

  • Related Articles

    Leave a Reply

    Close