অসম

বন্ধ সংস্কৃতিয়ে জুৰুলা কৰিছে ওৰাংবাসী ক্ষূদ্ৰ ব্যৱসায়ীক

গোপাল নাথ ওৰাং:- একে লেঠাৰিয়ে জাতিধ্বংসিক বিধায়কৰ লগতে ৬ জনগোষ্ঠিক জনজাতিকৰনৰ সপক্ষে অাৰু বিপক্ষে বিভিন্ন দল সংগঠনে দিয়া ধাৰাবাহিক বন্ধ সংস্কৃতিৰ ফলত অতিষ্ঠ বৰ্তমান ওৰাঙৰ ক্ষূদ্ৰ ব্যবসায়ী।মুৰে কপালে হাত দিব লগীয়া হৈছে ওৰাঙৰ ক্ষূদ্ৰ ব্যৱসায়ী সকলে।
শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীয় লোক সকলক জনজাতি মৰ্য্যাদা প্ৰদান কৰাৰ যি প্ৰস্তুতি চলাই আছে সেয়া বাতিল কৰাৰ দাবীত আজি অসমৰ জনজাতি সংগঠনৰ সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰৌতা,ওৰাং আৰু মাজবাটত সৰ্ব্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে ৷ বন্ধৰ সময়ছোৱাত চহৰ কেইখনৰ সকলো চৰকাৰী, বে – চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু সকলো ধৰনৰ যান বাহনৰ চলাচল বন্ধ আছে । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুই এখন ব্যক্তিগত যানবাহানৰ বাদে গধুৰ যানবাহানৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ আছে । বন্ধৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ পৰা সম্ভাৱ্য স্থান সমূহত কঠোৰ নিৰাপত্তা গঢ়ি তোলা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close