অসমবিনোদনশীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বলিউডৰ ছবিত নিষিদ্ধ পাকিস্তানৰ কণ্ঠশিল্পীৰ গীত

প্ৰথম খবৰ ব্যুৰ’:

বলীউডে একপ্ৰকাৰ নিষিদ্ধ কৰিলে পাকিস্তানৰ কণ্ঠশিল্পীক। কোনো পাকিস্তানী গায়ক গায়িকাক বলীউডত কাম নিদিয়াৰ সিদ্ধান্ত ল’লে বলীউডে। ইতিমধ্যে বিগত ১৫ ফেব্ৰুৱাৰীত টি ছিৰিজে ৰাহত ফটেহ আলী খান আৰু আটিফ আছলামক নিষিদ্ধ কৰাৰ পিছত দেওবাৰে বলীউডেও এই সিদ্ধান্ত লয়। উল্লেখযোগ্য যে যোৱা ১৫ ফেব্ৰুৱাৰীত টি ছিৰিজে মুকলি কৰা ৰাহত ফতেহ আলী খানৰ ‘জিন্দেগী’ শীৰ্ষক নতুন গীতটো পুলুৱমাৰ ঘটনাৰ প্ৰতিবাদত টিচিৰিজৰ ইউটিউব চেনেলৰ লগতে অন্যান্য মাধ্যমৰ পৰাও ইতিমধ্যে ডিলিট কৰি দিছিল৷ 24 টাকৈ ছবি নিৰ্মাতা সংস্থাৰ লগতে ফেডাৰেশ্যন অৱ ৱেষ্টাৰ্ণ চিনে এমপ্লয়িজ আৰু ইণ্ডিয়ান ফিল্ম আৰু টিভি ডাইৰেক্টৰচ এছ’চিয়েশ্যনে দেওবাৰে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই বিষয়টোক লৈ সহমত পোষণ কৰে৷ আনহাতে, এই নিয়মৰ উলংঘন কৰিলে ফেডাৰেশ্যন অৱ ৱেষ্টাৰ্ণ চিনে এমপ্লয়িজ ছবিৰ শ্বুটিং বন্ধ কৰি দিয়াৰো হুমকি দিছে৷

Related Articles

Leave a Reply

Close