যুৱসাহিত্য

বিধেয়কৰ প্ৰতিবাদ আৰু ধৰ্মীয় মেৰুকৰণ

শিলাদিত্য বৰ্মনৰ বিশেষ লেখা

শিলাদিত্য বৰ্মন
নাগৰিকত্ব সংশোধনী বিধেয়কক যিকোনো প্ৰকাৰে মান্যতা দিবলৈ চৰকাৰ আৰু বিজেপি দলৰ ফালৰ পৰা চেষ্টা অব্যাহত আছে৷ সমান্তৰালভাৱে বিধেয়কখনৰ বিৰুদ্ধেও প্ৰতিবাদ চলি আছে৷ একাংশ দল সংগঠনে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ কৰিছে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ বিৰুদ্ধে৷ এনে প্ৰতিবাদৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন-আৰক্ষী৷ মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ক’লা পতাকা দেখুওৱা বাবেই ৰঙিয়াত সাতজন প্ৰতিবাদীক আৰক্ষীয়ে নিৰ্যাতন চলাইছে৷ এই ঘটনাৰ মাজতেই বিজেপিৰ অধিকাংশ নেতা মন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণৰ ক্ষেত্ৰত সংগোপনে সফলতা অৰ্জন কৰিছে ৷ সংখ্যাগুৰুৰ মাজত সংখ্যালঘুৰ পৰাই যে জাতিৰ বিপদ সেই কথা সঘনাই বিভিন্ন মাধ্যমত তুলি ধৰা হৈছে, তাকো কৌশলপূৰ্ণভাৱে৷ এফালে জাতিৰক্ষাৰ বাবে হিন্দু হিন্দু শ্লোগান, আনফালে সত্ৰত বেদখলৰ বাবে নিৰ্দিষ্ট সম্প্ৰদায়ক জগৰীয়া কৰি পৰিস্থিতিৰ মেৰুকৰণৰ পূৰ্ণ চেষ্টা৷ কিন্তু বেদখল উচ্ছেদ বা মুছলমান বাংলাদেশীক খেদিবলৈ চৰকাৰখনৰ কোনো আঁচনি নাই৷ কৌশলপূৰ্ণভাৱে মুছলমান বাংলাদেশীক সমালোচনা কৰি কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে সংখ্যাগুৰুৰ ভোট একত্ৰিত কৰাৰ গোপন এজেণ্ডা৷ বিজেপিৰ এই কৌশলপূৰ্ণ সুযোগৰ সদ্ব্যৱহাৰে কাম দিলে আগন্তুক লোকসভা নিৰ্বাচনতো ভাল ফলেই দেখুৱাব বিজেপিয়ে৷ পশ্চিমবংগৰ দৰে ৰাজ্যতো হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কথা কৈয়ে বহু মানুহৰ মন জয় কৰাৰ সুযোগ পাব গেৰুৱা দলেই৷ বিজেপিৰ বৃহৎ অংকটো হৈছে- সংখ্যালঘু, সংখ্যাগুৰুৰ ত্ৰামকাৰ্ড ব্যৱহাৰ কৰিয়ে কেইখনমান ৰাজ্যত কেইবাখনো আসন লাভ কৰিব৷ অসমত যদি নাগৰিকত্ব বিধেয়কৰ বাবে দুই এখন আসন কমিও যায়, তেতিয়াও অন্য ৰাজ্যত আসন লাভৰ অংকই বেছি৷ সেইবাবে ৰাজ্যত হোৱা বিধেয়কবিৰোধী আন্দোলনক বিশেষ পাট্টা দিব খোজা নাই কেন্দ্ৰই৷ এনে সময়ত যিসকলে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে, তেওঁলোকক বিভিন্ন মাধ্যমত ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে৷ বিৰোধিতা কৰাৰ বাবেই জুবিন গাৰ্গকো টাৰ্গেট কৰি লৈছে একাংশ বিজেপি দলৰ অনুগামীয়ে৷ আনকি, ৰঙিয়াত প্ৰতিবাদ কৰাসকলৰ জাতি ধৰ্মৰ কথাও কৌশলগতভাৱে উপস্থাপন কৰি মেৰুকৰণৰ বীজ সিঁচি দিবলৈ পূৰ্ণ সুযোগ লৈছে প্ৰভাৱশালী মন্ত্ৰীয়ে৷ যদিও বিধেয়কৰ বিৰোধিতা কৰা সত্তৰ সংগঠনৰ বিৰুদ্ধে বিজেপি আক্ৰমণাত্মক, আছুক সমালোচনা কৰাৰ বেলিকা সম্ভ্ৰম ৰাখি চলিছে দলটোৰ নেতাসকলে৷ ক’ৰবাত কোনোবাখিনিত কিবা এটা ৰহস্য যদি আছেও, সেই সন্দেহৰ অৱকাশ আছুৱে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ মাজেদি হয়তো দূৰ কৰাত সক্ষম হ’ব৷ কিন্তু সেয়া সম্ভৱ নহ’লে আছুৰ প্ৰতিও বহু প্ৰশ্ন অসমবাসীৰ মনত থাকি যাব৷ সদনৰ মজিয়াতে তৃণমূলৰ সাংসদে কৈছে- এনআৰচিত বাদ পৰা চল্লিশ লাখ লোকৰ সাতাইশ লাখ লোক হিন্দু বাংলাদেশী৷ তেওঁলোক বিধেয়ক গৃহীত হোৱাৰ পিছত চিন্তামুক্ত হ’ব৷ আৰু বিধেয়কৰ বিৰোধিতা কৰাসকলক কংগ্ৰেছী বামপন্থী বুলি তুচ্ছ তাচ্ছিল্য কৰি ৰাজ্যৰ বিধেয়কবিৰোধী আন্দোলনতো বিভাজন অনাৰ প্ৰয়াস কৰিছে৷ আছুক কৌশলপূৰ্ণভাৱে ভালৰি লগাই আছুৰ সংগ্ৰামখনকো কৌশলপূৰ্শভাৱে নিস্তেজ কৰাৰ আঁচনি থাকিব পাৰে, কিন্তু এই পৰিস্থিতিত যাতে ধৰ্মৰ দোহাইদি জাতিটোৰ মাজত বিভেদৰ ৰাজনীতি অনা নহয়, সেইটোতহে চকু কাণ দিয়া উচিত৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হওঁক বা নহওঁক, ধৰ্মৰ ভিত্তিত বিভাজন আনিলেই বিজেপিয়ে গোপন এজেণ্ডাত সফল হ’ব পাৰিব৷ গতিকে, ধৰ্মীয় মেৰুকৰণৰ সংগোপন প্ৰচেষ্টাৰ কথা ভালকৈ বুজি লৈহে সংগ্ৰামীসকল আগুৱাই যোৱা উচিত বুলি আজিৰ তাৰিখত আমাৰ ধাৰণা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close