অসমযুৱশীৰ্ষ

বিধেয়কৰ বিৰোধিতাৰে গীত গাই ৰাষ্ট্ৰীয় কাকতৰ শিৰোনামত অসমৰ যুৱ শিল্পী

কোন এই ৰাহুল ৰাজখোৱা?

প্ৰথম খবৰ ব্যুৰ’-
জুবিন বা পাপন নহয়। অসমৰ এগৰাকী যুৱ শিল্পীয়ে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গীত গাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিবলৈ সক্ষম হৈছে। আনকি, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে যুৱ শিল্পীজনৰ গীতৰ ভিডিঅ’। কৰ্মসূত্ৰে বাংগালুৰুত থকা গুৱাহাটীৰ যুৱক ৰাহুল ৰাজখোৱাই ৩০ জানুৱাৰীত নিজৰ ম’বাইলতে এটি ৰেপ গীত ৰেকৰ্ডিং কৰি এৰি দিছিল ছ’চিয়েল মিডিয়াত। আৰু এই গীতটো ইমানেই বেছি ভাইৰেল হৈ পৰিছে যে, এতিয়া দেশৰ আগশাৰীৰ কাকত দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, News18 আদিত সবিস্তাৰে প্ৰকাশ পাইছে ৰাহুল ৰাজখোৱাৰ সাক্ষাত্কাৰ। আনকি, হিপহপ আৰু আৰএনবি গীতক লৈ ব্যস্ত গায়ক-গীতিকাৰ ৰাহুলে ইংৰাজীতে গীতটো গোৱাৰ কাৰণো বৰ্ণনা কৰি দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সাক্ষাত্কাৰটোত কৈছে যে, জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু গীতটোৱে তেওঁক আকৃষ্ট কৰিছে আৰু অসমৰ বাহিৰৰ লোকসকলক উদ্দেশ্য কৰি তেওঁ ইংৰাজীতে গীতটো গোৱাৰ সিদ্ধান্ত লয়। উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জুবিন গাৰ্গ, বিপিন চাউদাঙৰ উপৰিও মণিপুৰৰ অখু চিংগামবামেও ৰচনা কৰিছে গীত। কিন্তু ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ যুৱচামৰ মাজত সৰ্বাধিক জনপ্ৰিয় হৈ পৰিছে ৰাহুল ৰাজখোৱাৰ এই ভাইৰেল ভিডিঅ’টো। ৰাহুল ৰাজখোৱাৰ গীতটোৰ ইউটিউব লিংক হৈছে- https://www.youtube.com/watch?v=2PS95QWuHy4&feature=youtu.be

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close