অসমবিনোদন

বেংককত উত্তৰ পূৱ মহোৎসৱত অসম তথা উত্তৰ পূৱৰ পাঁচশ প্ৰতিনিধি


প্ৰথম খবৰ, গুৱাহাটী: থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক বুলি ক’লে এখন ৰঙীন পৃথিৱীৰ কথাই হয়তো বহুতৰ মনলৈ আহে৷ কম খৰচত বিদেশ ভ্ৰমণৰ আনন্দ ল’ব খোজাসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ ঠাই বেংকক৷ এই বেংককত এইবাৰ অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফেষ্টিভেল৷ অহা আঠ, ন আৰু দহ ফেব্ৰুৱাৰীত বেংককৰ প্ৰাণকেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যই অংশ ল’ব৷ উত্তৰ-পূৱৰ পৰ্যটন, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশ্ব দৰবাৰত তুলি ধৰাৰ বৃহৎ প্ৰয়াস৷ যুৱ উদ্যোগী শ্যামকানু মহন্তৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই সাংস্কৃতিক, বাণিজ্যিক মহোৎসৱত
উত্তৰ-পূৱৰ পৰ্যটন, উদ্যোগ,বাণিজ্যৰ সম্ভাৱনীয়তা প্ৰদৰ্শন কৰা হ’ব বুলি শনিবাৰে এক সংবাদমেলত সদৰী কৰে মূল উদ্যোক্তা মহন্তই৷ উত্তৰ-পূৱ ভাৰতৰ পৰা পাঁচশ জনীয়া এটা দলে অংশ গ্ৰহণ কৰিবলগীয়া এই মহোৎসৱত থাইলেণ্ডৰ শিক্ষাবিদ, বুদ্ধিজীৱি, সাংবাদিকৰে মত বিনিময়ৰ লগতে সাংস্কৃতিক কাৰ্যসূচীত অন্যতম আকৰ্ষণ হ’ব উত্তৰ পূৱৰ থলুৱা গীত-নৃত্য, জুবিন গাৰ্গৰ গীতৰ শৰাই আৰু থাইলেণ্ডৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান৷

Related Articles

Leave a Reply

Close