অসমশীৰ্ষৰাজ্যৰ খবৰৰাষ্ট্ৰীয়

ব্যৱসায়ীৰ দেশজোৰা ধৰ্মঘট, ভাৰত বন্ধত অসম বন্ধ হ’বনে

প্ৰথম খবৰ ব্যুৰ’:
পুলুৱমাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত সোমবাৰে ভাৰত বন্ধৰ আহ্বান দিছে কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্চে(চিএআইটি)৷ এই বন্ধত দেশজুৰি সংগঠনটোৰ অধীনস্থ ব্যৱসায়ীসকলে এদিনৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি ছহি,দৰ আত্মাৰ সদগতি কামনা কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব৷ লক্ষণীয়ভাৱে সংগঠনটোৱে কোনো চৰকাৰী বা বেচৰকাৰী কাৰ্যলয় বন্ধ ৰখাৰ আহ্বান দিয়া নাই৷ সংগঠনটোৰ এই আহ্বানত Maharashtra, Madhya Pradesh, West Bengal, Uttar Pradesh, Rajasthan, Tamil Nadu, Punjab, Haryana, Jammu and Kashmirকে ধৰি ওঠৰখন ৰাজ্যত বন্ধ আৰু ধৰ্মঘট পালন কৰিব ব্যৱসায়ীসকলে৷ অসমত সংগঠনটোৰ সদস্য সংখ্যা যিহেতু কম, গতিকে, বন্ধ বা ধৰ্মঘটৰ প্ৰভাৱ বেছি পৰিলক্ষিত নহ’ব৷ মহানগৰীৰ দুই এক নিৰ্বাচিত প্ৰতিষ্ঠানহে বন্ধ থাকিব পাৰে৷ অসম তথা দেশৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, স্কুল কলেজ খোলা থাকিব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close