অসমশীৰ্ষ

ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাৰ ৬ মাহ পাছত জাইকাৰ প্ৰজেক্টৰ কাষত মটৰ চাইকেল উদ্ধাৰ, উত্তৰ গুৱাহাটীত চাঞ্চল্য

পঙ্কজ নাথ, চাংসাৰি, ১০ ফেব্ৰুৱাৰী :

কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ সমীপত বিগত বৰ্ষৰ ৫ ছেপ্তেম্বৰত অভিশপ্ত নাওঁ দুৰ্ঘটনা সংঘটিত হৈছিল। এই অভিশপ্ত নাওঁ দুৰ্ঘটনাৰ প্ৰায় ৬ মাহ সময় অতিবাহিত হোৱাৰ পিছত আজি সেই স্থানত এখন বাইকৰ উদ্ধাৰকলৈ সমগ্ৰ উত্তৰ গুৱাহাটীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা ৫ ছেপ্তেম্বৰৰ দুৰ্ঘটনাটোত বহুলোক হতাহত হোৱাৰ আশংকা কৰা হৈছিল। নাৱখনত প্ৰায় ৪০ গৰাকী যাত্ৰী থকা বুলি নাৱত থকা যাত্ৰীসকলে দাবী কৰাৰ বিপৰীতে মাত্ৰ ৩ মৃতদেহ আৰু কমল দাস বৰ্তমানলৈকে নিৰুদ্দিষ্ট হৈ আছে। বাকী যাত্ৰী উদ্ধাৰ হোৱাৰ সঠিক তথ্য প্ৰশাসনে দিব পৰা নাই। কিয়নো দুৰ্ঘটনাৰ পাছত উদ্ধাৰ অভিযানত নৌসেনা, এন ডি আৰ এফ, এচ ডি আৰ এফক লগোৱা হৈছিল ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোতঁৰ বাবে অভিযান ব্যৰ্থ হৈছিল। আজি দিনৰ ভাগত নাও দুৰ্ঘটনাগ্ৰস্ত হোৱা জাইকা প্ৰজেক্টৰ সমীপত এটা শিলৰ ওচৰত বাইকৰ চকা এটা প্ৰত্যক্ষ কৰাৰ পিছত এখন বাইক থকাটো নিশ্চিত হৈ ৰিভাৰ আৰক্ষীক অবগত কৰাত আৰক্ষীয়ে এখন ছুপাৰ স্পেন্ডাৰ বাইক উদ্ধাৰ কৰে । আৰক্ষীয়ে এ এচ ২জে ৬৫৫৮ নম্বৰৰ বাইক এখন উদ্ধাৰ কৰে যদিও পুনৰ নতুন কৈ অভিযান চলোৱা নহয় বুলি জানিবলৈ দিয়ে। বাইক উদ্ধাৰৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ নিৰুদ্দিষ্ট কমল দাসৰ পিতৃ উমা দাস যথেষ্ট আবেগিক হৈ পৰে আৰু উমা দাসৰ লগতে উত্তৰ পৰীয়া ৰাইজে দুৰ্ঘটনাস্হলীত পুনৰ অভিযান চলোৱাৰ বাবে প্ৰশাসনক দাবী জনাইছে । ৰাইজে আশংকা কৰিছে যিহেতু বাৰিষাৰ সময়ত উদ্ধাৰ অভিযান ব্যৰ্থ হৈছিল ঘটনাস্থলীত ধ্বংস প্ৰাপ্ত নাও , বাইক আনকি মৃত ব্যক্তি থকাৰ আশংকা বৃদ্ধি পাইছে। গতিকে কামৰূপ প্ৰশাসনক অচিৰেই ইয়াত অভিযান চলাবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close