অসমউত্তৰ পূবশীৰ্ষ

মণিপুৰত প্ৰতিবাদ বন্ধ কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিলে প্রশাসনে

প্ৰথম খবৰ ব্যুৰ’-
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মণিপুৰত প্ৰতিবাদীয়ে কাৰ্যসূচীয়ে চুড়ান্ত ৰূপ লৈছে। মঙলবাৰে পুৱা ৫ বজাৰ পৰা দুদিনীয়াকৈ পিপলচ এলায়েঞ্চ, মণিপুৰে আহ্বান জনোৱা ধৰ্মঘট সামৰণি পৰিব বুধবাৰে বিয়লি ৫ বজাত। ইয়াৰ মাজতেই মণিপুৰৰ ৰাজধানী চহৰ ইম্ফল একপ্ৰকাৰ জনশূন্য হৈ পৰিছে। তাৰমাজতেই প্ৰতিবাদকাৰীয়ে যাতে অধিক লোক সমবেত কৰিব নোৱাৰে তাৰ বাবে জাৰী কৰা হৈছে ১৪৪ ধাৰা। আনহাতে, প্ৰতিবাদে সংঘৰ্ষৰ ৰূপ নোলোৱাৰ স্বাৰ্থতে পূৱ ইম্ফলৰ জিলা প্ৰশাসনে ইতিমধ্যে, বিধেয়ক বিৰোধী বাতৰি সম্প্ৰচাৰত নিষেধ্যাজ্ঞা আৰোপ কৰাৰ লগতে ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিছে।

Related Articles

Leave a Reply

Close