অসমশীৰ্ষৰাষ্ট্ৰীয়

মন্ত্ৰী বিধায়কক লগত লৈ অনশনত বহিব মুখ্যমন্ত্ৰী

প্ৰথম খবৰ ব্যুৰ’: মন্ত্ৰী বিধায়কক লগত লৈ অনশনত বহিব এজন মুখ্যমন্ত্ৰী৷ ৰাজধানী নতুন দিল্লীত সোমবাৰে পুৱা আঠ বজাৰ পৰা নিশা আঠ বজালৈ নিজৰ ৰাজ্যখনক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত ধৰ্ণাত বহিবলৈ সাজু হোৱা মুখ্যমন্ত্ৰীজন আন কোনো নহয়৷ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ সভাপতি চন্দ্ৰবাবু নাইডু৷ নাইডুৱে এপি ৰিঅৰ্গেনাইজেশ্যন এক্ট, 2014ৰ অধীনত অন্ধ্ৰ প্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়াৰ দাবীত অনশনত বহিব দিল্লীৰ অন্ধ্ৰ ভৱনত৷ পুৱা অনশত বাহৰ পূৰ্বে মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতি সন্মান জনাই এই অনশনৰ শুভাৰম্ভ কৰিব৷ অনশনত উপস্থিত থাকিব নাইডু মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী আৰু বিধায়ক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close