অসমশীৰ্ষৰাষ্ট্ৰীয়

মোডী আকৌ প্ৰধানমন্ত্ৰী হ’বনে? কি কয় প্ৰশান্ত কিশোৰে?

প্ৰথম খবৰ ব্যুৰ’: এইবাৰ বিজেপিৰ শ্লোগান৷ আকৌ এবাৰ মোডী চৰকাৰ৷ কিন্তু বিগত সাধাৰণ নিৰ্বাচনত মোডীক বিশ্লেষণাত্মক আৰু কূটনৈতিক দিশত সহযোগিতা কৰা প্ৰশান্ত কিশোৰে ভাবেনে মোডী আকৌ এবাৰ প্ৰধান মন্ত্ৰী হ’বনে নাই? লক্ষণীয়ভাৱে প্ৰশান্ত কিশোৰ বৰ্তমান বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল সংযুক্তৰ উপসভাপতি আৰু এনডিএৰ অংশীদাৰ৷ এই প্ৰশান্ত কিশোৰেই কিছুদিন পূৰ্বে মুম্বাইত শিৱসেনাকো সাক্ষাৎ কৰিছিল৷ কিন্তু এই সাক্ষাতক লৈ ৰাজনৈতিক জল্পনা কল্পনাও চলিছিল ৰাজনৈতিক মহলত৷ কিন্তু প্ৰশান্ত কিশোৰে অৱশেষত মুখ খুলি ক’লে- পৰৱৰ্তী নিৰ্বাচনতো মোডীয়েই দেশৰ প্ৰধানমন্ত্ৰী৷ আনকি নীতিশ কুমাৰেও এনডিএত এজন গুৰুত্বপুৰ্ণ নেতাৰূপে আত্মপ্ৰকাশ কৰিব৷ কিন্তু নীতিশ কুমাৰ শীৰ্ষস্থানত কল্পনা কৰাটো উচিত নহয় বুলিও শেহতীয়াকৈ প্ৰশান্ত কিশোৰে এক সাক্ষাৎকাৰত কৈছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close