অসমশীৰ্ষ

যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসত সাংবাদিকক বঁটা প্ৰদান

ড০ কুমুদ দাস, পুলক ডেকা, দেৱজিত তালুকদাৰলৈ সংবাদ শিৰোমণি সন্মান

প্ৰথম খবৰ ব্যুৰ’- যুৱ সাংবাদিক সন্থা, অসমে প্ৰথম প্ৰতিষ্ঠা দিৱসত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। গুৱাহাটী প্ৰেছ ক্লাৱত সংগঠনটোৰ সভাপতি চন্দন দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত ডিৱাই ৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক ড০ কুমুদ দাস, নিউজ লাইভৰ পুলক কুমাৰ ডেকা আৰু আছাম টকছৰ দেৱজিত্‍ তালুকদাৰক সংবাদ শিৰোমণি সন্মানেৰে সন্মানিত কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীলিপ কুমাৰ বৰা, নৃপেন মালাকৰ, সাংবাদিক অমল কৃষ্ণ ভৰালী, জিতুল দত্ত আদিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোত সাংবাদিক বুবুল হাজৰিকা, কাঞ্চন গোঁহাই, প্ৰাঞ্জল প্ৰতিম হাজৰিকা, চিত্ৰকমল নাথ, ৰিতুপৰ্ণ বৰা আদিকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বহু যুৱ সাংবাদিকেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত প্ৰায় আটাইকেইটা টিভি চেনেল আৰু বাতৰি কাকতৰ কেইবাজনো প্ৰতিভাবান যুৱ সাংবাদিককো বঁটা প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close