অসমশীৰ্ষ

ল’ৰা ৰজা আছিলে লালুকসোলাৰ তলতে….হিমন্তৰ তলতে আমাৰে সৰ্বাদা ঐঃ শিৱসাগৰত আছুৰ ৰণডংকাত বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সকীয়নি ঃ এখন প্লেকাৰ্ডে দৃষ্টি কাঢ়িলে সকলোৰে

প্ৰথম খবৰ , শিৱসাগৰ , ৬ ফেব্ৰুৱাৰী : ডবা,কাঁহ, শংখ ধ্বনিৰে আছুৱে শিৱসাগৰত বজালে বিধেয়ক বিৰোধী ৰণডংকা | ঐতিহাসিক তাহানিৰ ৰাজধানী ৰংপুৰ ৰংঘৰৰ বাকৰিৰ পৰা খিলঞ্জীয়াৰ ৰণডংকা বজাই বিজেপিক দিলে আছুৱে শেষ সকীয়নি | হাজাৰ হাজাৰ জনতাই আছুৰ ৰণডংকাত অংশগ্ৰহণ কৰি ৰংঘৰ বাকৰিৰ পৰা বৰ্ডিং খেলপথাৰলৈকে কৰা সমদলেৰে কঁপালে ৰংপুৰ | সৰ্বানন্দক সোনোৱালক প্ৰাক্তন সভাপতি বুলিবলৈ লাজ আৰু ঘৃণা লাগে বুলিলে আছুৰ নেতৃত্বই | জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ ধ্বনিৰে শাসনৰ গাদীত বহিছিল সৰ্বানন্দ সোণোৱাল।
“গভীৰ আশাবাদৰ সূচনা হৈছিল , কিন্তু এতিয়া সময় সলনি হল “।
পূৰ্বে জাতীয় নায়ক বুলি অভিহিত কৰা সৰ্বাদা এতিয়া হল জাতিৰ বাবে প্ৰতাৰক।
গতিকে সৰ্বানন্দ এতিয়া নতুন যুগৰ লৰা ৰজা বুলি মুকলিকৈ কলে আছুৱে।
সৰ্বানন্দৰ প্ৰতাৰণাত অতিষ্ঠ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিত আয়োজন কৰা খিলঞ্জীয়াৰ ৰণডংকাত অংশগ্ৰহণ কৰি প্লে কাৰ্ড প্ৰদৰ্শন কৰি সাৰ্বনন্দৰ চৰিত্র উদঙাই দিলে। ৰাইজে প্লে কাৰ্ডত লিখি লোৱা উপৰিও মুখে মুখে আওৰাইছে ,
বহুতে বহুত কৈছে।সৰ্বাই শুনা নাই। চাৰি শাৰীৰ এই বাক্য কেইটাও চাগে সোনোৱালে নুশুনে বা নপঢ়ে । কিন্তু এই চাৰি শাৰী বাক্যত নিহিত হৈ আছে এজন জাতীয় নায়ক জাতীয় প্ৰতাৰক হোৱাৰ বেদনা।এই বেদনাৰ বাবে অসমৰ ইতিহাসত জিলিকি থাকিব সৰ্বানন্দ সোণোৱাল নাম সৰ্ব কালৰ কলংকিত আৰু দুৰ্বল মুখ্যমন্ত্ৰী ৰূপে।
আনহাতে বিজেপি সভাপতি ৰঞ্জিত দাসক সকীয়নি— আছুক জোকাই নল’ব, অন্যথা দাঁতৰ ডাক্তৰৰ ওচৰলৈ যাব লাগিব | সমুজ্জল ভট্টক সমালোচনা কৰা সকলৰ আঙুলি কাটি দিয়াৰ হুংকাৰ | হাজাৰ হাজাৰ জনতাই ৰংঘৰৰ পৰা বৰ্ডিং খেলপথাৰলৈ সমদলৰে পুনৰবাৰ অসমৰ পৰিবেশ বিদেশী খেদা আন্দোলনক মনত পেলাই দিলে | কঁপালে ৰংপুৰ ৷ ৰঞ্জিত দাসক সকীয়নি— আছুক জোকাই ললে দাঁতৰ ডাক্টৰৰ ওচৰলৈ যাব লাগিব ৷ সমুজ্জল ভট্টাচাৰ্যৰ সমালোচনা কৰা বিজেপিৰ অন্ধ ভক্ত সকলকো আঙুলি কাটি দিয়াৰ হুংকাৰ ৷ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰৰো বিধেয়কৰ বিৰোধিতা কৰিলে | ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা শিৱসাগৰ জিলা আছুৱে বজালে খিলঞ্জীয়াৰ ৰণডংকা ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে আছুৰ এই ৰণডংকা ৷ কেইবা সহস্ৰাধিক ৰাইজ,ছাত্ৰ-ছাত্ৰী আৰু শিৱসাগৰৰ দল-সংগঠনে বিধেয়কৰ বিৰোদ্ধে সমস্বৰে কৰিলে প্ৰতিবাদ ৷ প্ৰতাৰক নৰেন্দ্ৰ মোদী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় ধ্বনিত নিনাদিত ৰংপুৰৰ আকাশ- বতাহ ৷ ইফালে সত্ৰক লৈ বিজেপিয়ে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰাৰ সময়তে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তকে ধৰি বহুজনে ৰণডংকাত অংশ লৈ কৰিলে বিধেয়কৰ বিৰোধিতা ৷ সৰ্বানন্দ সোণোৱালৰ ভূমিকা জাতিৰ বাবে দুৰ্ভাগ্যজনক বুলি কৈ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই ভগৱানে সৰ্বানন্দ সোণোৱালক সুমতি দিয়াৰ কামনা কৰে ৷

Related Articles

Leave a Reply

Close