অসমশীৰ্ষ

শংকৰ সংঘৰ অধিৱেশনথলীতো উৰিব ক’লা পতাকা


প্ৰথম খবৰ, 2 ফেব্ৰুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ৷ অধিৱেশনত এবছৰ পূৰ্বেই আমন্ত্ৰণ জনোৱা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণ নিশ্চিত নহয় যদিও মোডীৰ আগমণৰ সময়ত সংঘৰ অধিৱেশনথলীতো ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰিব সত্তৰ সংগঠনৰ প্ৰতিবাদকাৰীয়ে৷ আনহাতে, আঠ আৰু ন ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰীৰ চৰকাৰী কাৰেযসূচীৰ সময়তো প্ৰতিবাদ অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে সত্তৰটাকৈ সংগঠনে৷ অৱশ্যে এই প্ৰতিবাদ কি পৰ্যায়ত হ’ব সেই কথা এতিয়াই জনোৱা নাই সংগঠনকেইটাৰ নেতৃবৃন্দই৷ নতুন দিল্লীত সংবাদ মেলত ভাগ লৈ পলাশ চাংমাইৰ উপস্থিতিত এই কথা প্ৰকাশ কৰিছে অখিল গগৈয়ে৷ উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অহা ছয় ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত৷

Related Articles

Leave a Reply

Close