মহিলাশীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

শ্বপিং মলত দহ টকাত শাৰী, কিনিবলৈ যাব নেকি?

প্ৰথম খবৰ ব্যুৰ’:
শ্বপিং মলত পাঁচশ বা হাজাৰ টকাৰ কমত এখন ভাল শাৰী কিনাৰ কথা হয়তো কল্পনাই কৰিব নোৱাৰি৷ কিন্তু এইবাৰ দহ টকাতে যদি শ্বপিং মলে শাৰী বিক্ৰী কৰিবলৈ লয় আপোনাৰো কিনিবলৈ মন যাব, কিনিবলৈ মন নগ’লেও এবাৰ চাই আহিবলৈ মন যাব, দহ টকাত কিনো শাৰী দিছে বুলি চাই আহো বুলি৷ হায়দৰাবাদৰ চিএমআৰ শ্বপিং মলত এতিয়া মানুহেই মানুহ৷ একপ্ৰকাৰ গোটেই হায়দৰাবাদখনেই ভৰি পৰিছে শ্বপিং মলটোত৷ আনকি, শ্বপিং মলটোত ভিৰ ইমানেই বাঢ়িছে যে পদপিষ্ট হৈ আঘাতপ্ৰাপ্ত হৈছে বহু মহিলা৷ আৰক্ষী মোতায়েন কৰি ভিৰ নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে শ্বপিং মলটোত৷ আনকি, বিশ গৰাকীৰো অধিক মহিলা যুৱতী আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাত৷ এগৰাকী মহিলাই বজাৰ কৰিবলৈ গৈয়ে হেৰুৱাইছে পাঁচ টোলা সোণ আৰু নগদ ছয় হাজাৰ টকা৷ এই ঘটনাক লৈও অনুসন্ধান আৰম্ভ হৈছে শ্বপিং মলটোত৷ photo courtesy facebook

Related Articles

Leave a Reply

Close