অসমনিবন্ধযুৱশীৰ্ষ

হস্তীবিদ্যাৰ্ণৱ

শিলাদিত্য বৰ্মন

সৰুতে আমাৰ ঘৰত দেখা মনত আছে এখন অমূল্য কিতাপ হস্তীবিদ্যাৰ্ণৱ৷ তেতিয়া গ্ৰন্থখনৰ গুৰুত্ব সিমান বুজা নাছিলো৷ কিন্তু ডাঙৰ হৈ অহাৰ পিছত গম পালো হাতীৰ চিকিৎসাৰ বিষয়ে বহু কথাই বৰ্ণনা আছিল গ্ৰন্থখনত৷ পিছলৈ গ্ৰন্থখন কোনোবাই চাবলৈ নিদি আৰু ঘূৰাই নিদিলে৷ আজি হাতীৰ চিকিৎসাৰ বিশেষ উল্লেখ থকা আপুৰুগীয়া বা মূল্যবান গ্ৰন্থখনৰ কথা এইকাৰণেই মনত পৰিল পুৱা আনন্দ বাজাৰ পত্ৰিকাত পঢ়িলো- হাতীৰ বাবে এখন হাস্পতাল খোলা হৈছে উত্তৰ প্ৰদেশৰ মথুৰাত৷ বৰ্তমান সময়ত আমাৰ ৰাজ্যত বন্যহস্তৰ উপদ্ৰৱ চলিলেও হাতীৰ সংখ্যা কিন্তু বাঢ়ি অহা নাই৷ 2012 চনত আমাৰ দেশত হাতীৰ সংখ্যা আছিল 30,311 কিন্তু 2017ত এই সংখ্যা কমি 27, 312 হয়গৈ৷ 2019 চনৰ পৰিসংখ্যা এতিয়া পাবলৈ নাই৷ সংখ্যাৰ ফালৰ পৰা কেৰেলাত সৰ্বাধিক 6182, কৰ্ণাটকত 6068 আৰু অসমত 5620 টা হাতী আছে৷ আনকি, সংখ্যাৰ ফালৰ পৰা এছিয়া মহাদেশৰ অৰ্ধেক হাতী আছে আমাৰ দেশত৷ বিগত সময়চোৱাত আমাৰ ৰাজ্যত 2013 চনৰ পৰা আজি পৰ্যন্ত প্ৰায় ডেৰশৰো অধিক হাতী অস্বাভাৱিক ম়ত্যুৰ কৱলত পৰিছে৷ সেইফালৰ পৰা হাতীৰ সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে বন ধ্বংস অভিযান বন্ধ কৰাৰ প্ৰয়োজন হৈ পৰিছে৷ উত্তৰ প্ৰদেশৰ মথুৰাত খোলা হাতীৰ চিকিৎসালয়খনত ইতিমধ্যে পৰ্যটকেও হাতী চোৱাৰ সুবিধা লাভ কৰে৷ আনকি, চিকিৎসালয়খনত হাতীৰ অস্ত্ৰোপচাৰ, আল্ট্ৰাচ’ন’গ্ৰাফি আদিৰ বাবে সুকীয়া ব্যৱস্থা কৰা হৈছে৷ আমাৰ ৰাজ্যখনতো হাতীৰ বাবে বিশেষ ব্যৱস্থাৰ সময়োপযোগী পদক্ষেপৰ প্ৰয়োজন হৈ পৰিছে৷

Related Articles

Leave a Reply

Close