অসমৰাজ্যৰ খবৰ

হিন্দু-মুছলিমৰ সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত বিটিএডিৰ বাবাৰ মাজাৰ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছিি:

ভক্তিৰসত বুৰ গ’ল ওদালগুৰিৰ ভূটান সীমান্তৰ্তী বাঙানা বাবাৰ মাজাৰ ৷বিভিন্ন ধৰ্মাৱলম্বী হাজাৰ হাজাৰ লোকৰ পদধূলীৰে সম্প্ৰীতিৰ মহামিলনত পৰিণত হ’ল বাঙানা বাবাৰ মাজাৰ ৷বিটিএডিৰ একমাত্ৰ এই মাজাৰত দেওবাৰে পূৱাৰে পৰা ভিৰ কৰে হাজাৰ হাজাৰ জনতাই ৷

নিজৰ মনোকামনা পূৰণ হোৱাৰ বাসনাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ হিন্দু -মুছলমানৰ পদধূলীত পূৱাৰে পৰা বিৰ দি বাট নোপোৱা অৱস্থা মাজাৰ খনত ৷মাজাৰৰ অলৌকিকতাত আজিও গভীৰ বিশ্বাসত ৱৰ্তী জনসাধাৰণ ৷মাজাৰখনত প্ৰবিত্ৰ মনেৰে ধূপ,চাকি,ম’ম জ্বলালে নিজৰ মনোকামনা পূৰ্ণ হ’য় বুলি আজিও বিশ্বাস কৰে ৰাইজে ৷বিভিন্ন সময়ত এই মাজাৰত বহু অলৌকিক ঘটনা সংঘটিত হৈ অহাৰ কথা অঞ্চলটোৰ প্ৰতিজন মানুহৰ মুখে মুখে ৷এই কাৰণতে প্ৰতিবছৰে এই দিনটোত এই প্ৰবিত্ৰ স্হানত ভিৰ কৰেহি হাজাৰ হাজাৰ জনতাই ৷শক্তিপীঠ হিচাপে খ্যাত বিটিএডিৰ একমাত্ৰ মাজাৰ খন ৰাজ্যৰ এখন অন্যতম পৰ্য্যটনস্থলী হোৱাৰো প্ৰচুৰ সম্ভৱনা আছে ৷ৰজাঘৰৰ সদিচ্ছা মাজাৰ খনৰ ওপৰত পৰিলে ই এদিন হৈ উঠিব অন্যতম ধৰ্মীয় স্থলী ৷মাজাৰ উপলখে এক মেলাৰো আয়োজন হৈছে ৷মেলাত দেখা গ’ল বিৰ দি বাট নোপোৱা অৱস্থা ৷
সম্প্ৰতি হাজাৰ হাজাৰ হিন্দু -মুছলমানৰ ঐক্যতাৰ প্ৰতিক মাজাৰখনক খোৱাপানীৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ৷মাজাৰ পৰিচালনা সমিতিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক মাজাৰ খনত খোৱাপানীৰ সুব্যৱস্থাৰ লগতে অন্যান্য সমস্যা সমূহ সমাধান কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ৷

Related Articles

Leave a Reply

Close