শীৰ্ষৰাষ্ট্ৰীয়

১০ লাখ টকা চুৰি, হুকহুকাই কান্দিলে বিধায়কে

টকা নাপালে আত্মহত্যাৰ কথা গৰীৱ বিধায়কৰ মুখত

প্ৰথম খবৰ ব্যুৰ’-
বিধান সভাৰ মজিয়াত বিধায়কৰ তৰ্ক বিতৰ্ক কোনো নতুন কথা নহয়। আনকি, মাৰপিটৰ ছবিও হয়তো কেতিয়াবা দেখিবলৈ পাইছে। এইবাৰ বিধানসভাৰ মজিয়াত হুকহুকাই কান্দিলে এজন বিধায়কে। সমষ্টিবাসীৰ বাবে এই কান্দোন নহয়। নিজৰ ১০ লাখ টকা হেৰুৱাই বিধানসভাত কান্দিলে এইজন বিধায়কে।
উত্তৰ প্ৰদেশৰ আজমগড়ৰ সমাজবাদী পাৰ্টিৰ বিধায়ক কল্পনাথ পাছোৱানে বিধানসভাৰ প্ৰশ্নোত্তৰ কালৰ সময়ত উত্থাপন কৰিলে ১০ লাখ টকা চুৰিৰ প্ৰসংগ। এখন হোটেলত ১০ লাখ টকা চুৰি হোৱাৰ কথা কৈ বিধায়ক কল্পনাথে ক’লে- মই হাতযোৰ কৰি কৈছো। ইয়াত বিচাৰ নাপালে ক’লৈ যাম। মই মৰি যাম। আমি খুৱেই দুখীয়া মানুহ। টকা ওভটাই নাপালে আত্মহত্যা কৰিব লাগিব।
সতীৰ্থ বিধায়কৰ কান্দোন দেখি শাসক বিৰোধী সকলোৱে সান্ত্বনা দিলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে আশ্বাস দিলে তদন্তৰ। আনকি, আৰক্ষীত এজাহাৰ দিবলৈও অনুৰোধ জনালে বিধায়ক কল্পনাথ পাছোৱানক। আলোকচিত্ৰ-ইউটিউবৰ সৌজন্যত।

Related Articles

Leave a Reply

Close