আন্তঃৰাষ্ট্ৰীয়যুৱশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

২৫ বছৰ বয়সত বিয়া নাপাতিলেই শাস্তি

হৃদয় শৰ্মা

২৫ পাৰ হোৱাৰ পিচতো অবিবাহিত ! বা ছিংগল লাইফ কটাইছে ! তেন্তে নিৰ্ঘাট শাস্তি পাব আপুনি । পিচে এই প্ৰথা অসম মুলুকত নহয়¸ সুদূৰ ডেনৰ্মাকত। তাত অবিবাহিতসকলৰ বাবে আছে এটি অদ্ভূত প্ৰথা। ২৫ পাৰ হোৱাৰ পিচতো যিসকল অবিবাহিত বা সংসাৰৰ জালত ভৰি দিয়া নাই তেনে যুবকৰ জন্মদিনত বন্ধু-বৰ্গ¸ পৰিয়ালৰ সদস্যই দালচেনি( cinnamon)ৰ গুড়ি গাত চটিয়াই স্ফুৰ্তি কৰে। লগতে গাত পানী চটিয়াই দিয়ে¸ যাতে দালচেনিৰ গুড়ি গাত লিপিত খাই ধৰে। এই ধেমালি কৰিবলৈ অবিবাহিতজনৰ অনুমতি লোৱা নহয়। যেন মনত পেলাই দিয়ে— বোপা সংসাৰ ধৰ্ম পালন কৰা।

কথিত আছে —- এই প্ৰথাৰ আৰম্ভ বহু শতক পূৰ্বে। মচলা বিক্ৰীৰ বাবে যিসকল বেপাৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিল¸ সিহতবোৰে ঘৰ-সংসাৰ পাতিব নোৱাৰিছিল। এনে অবিবাহিত মচলা বিক্ৰেতাবোৰক কোৱা হয় ‘ পেপাৰ ডুডছ’। তেওঁলোকক পেপাৰ মেইডেন বুলিয়ো মতা হয়।

পেপাৰ ডুডছ বা পেপাৰ মেইডেনসকলক দেখি যাতে আনসকল ডেকাই বিয়া নপতাকৈ নাথাকে¸ তাৰ বাবেই দালচেনিৰ গুড়ি চটিওৱাৰ প্ৰথা।

২৫-৩০ লৈ যিসকলে বিয়া নাপাতে তেওঁলোকক দালচেনিৰ গুড়ি আৰু ৩০ পাৰ হোৱাসকলৰ বাবে জলকীয়াৰ গুড়ি গাত চটিয়াই দিয়ে।

পিচে ডেনমাৰ্কত যে ২৫ বছৰত সকলোৱে বিয়া পাতে¸ এয়া ভুল । সেই দেশত পুৰুষৰ বিয়াৰ গড় বয়স ৩৪ আৰু যুৱতীসকলৰ বিয়াৰ গড় বয়স ৩২ বছৰ। সৌজন্য- হৃদয় শৰ্মাৰ ফেচবুক টাইমলাইন

Related Articles

Leave a Reply

Close