আন্তঃৰাষ্ট্ৰীয়শীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

৩৩ খন দেশত মধুচন্দ্ৰিকা, বছৰজোৰা হনিমুন নৱ দম্পতীৰ

প্ৰথম খবৰ বিশেষঃ
সাধাৰণতে বিয়াৰ পিছতে ফুৰিবলৈ যোৱাটো নৱবিবাহিতৰ বাবে নতুন কথা নহয়। আমাৰ ৰাজ্যতো নৱবিবাহিতসকলে এতিয়া বিয়াৰ পিছতে ফুৰিবলৈ যোৱাটো একপ্ৰকাৰ নিয়মত পৰিণত হৈছে। বিলাসবহুল নহ’লেও বিয়াৰ পিছত বহুতে কোনোবা মন্দিৰ দৰ্শন কৰে বা একেবাৰে ওচৰতে শ্বিলং হ’লেও গৈ আহে। কিন্তু এহাল নৱবিবাহিত দম্পত্তীয়ে বছৰজোৰা হনিমুন পালন কৰিলে। ২০১৮ বৰ্ষটোত মধুচন্দ্ৰিকা বা হনিমুনৰ নামতে পাৰ কৰিলে। ২০১৭ বৰ্ষৰ ডিচেম্বৰ মাহত বিয়াত বহাৰ পিছতে ২০১৮ বৰ্ষটোত হনিমুনৰ মাজেৰে পাৰ কৰিছে নিক আৰু জ’ নামৰ দম্পতীটোৱে। আনকি, দুয়োজনে দুবছৰত এই হনিমুনৰ বাবে ধন গোটাই সপোন সাৰ্থক কৰিছে। ৩৩ খন দেশ ভ্ৰমণ কৰাৰ সময়ত ইনষ্টাগ্ৰামত এটা একাউণ্ট খুলি নাম দিছে marrymeintravel, যিটো একাউণ্টৰ ফ’লৱাৰৰ সংখ্যাই এতিয়া ৩০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। নিক আৰু জ’ আষ্টে এই ভ্ৰমণৰ সময়ত আমাৰ দেশ ভাৰত, নেপাল, মালয়েছিয়া, থাইলেণ্ড, পেৰিছ, চীন, ইজৰাইল, দক্ষিণ আফ্ৰিকা, নেপাল আদিকে ধৰি ৩৩ খন দেশৰ ভ্ৰমণ সম্পূৰ্ণ কৰিছে। চীনৰ প্ৰাচীৰ বা আগ্ৰাৰ তাজমহলতো উঠিছে দুয়োজনে আলোকচিত্ৰ। আনকি, মাউণ্ট এভাৰেষ্টলৈ গৈও আলোকচিত্ৰ উঠিছে কইনাৰ সাজত। ফটো সৌজন্য- Nick Aust, বাতৰি সৌজন্য- https://www.thisisinsider.com/newlywed-couple-quit-jobs-travel-the-world-2019-2

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close