ৰাজ্যৰ খবৰ

ৰঙিয়া ভৰি পৰিছে বহিঃৰাজ্যৰ প্ৰবঞ্চকৰে

ষ্টেচনৰ সমীপৰ বিভিন্ন ভাড়াঘৰত থিতাপি লৈছে প্ৰবঞ্চকৰ দলে

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়াত সহজ ৰেল যোগাযোগৰ সুযোগ লৈ বহিঃৰাজ্যৰ প্ৰবঞ্চকৰে ভৰি পৰিছে সমগ্ৰ অঞ্চল। বিশেষকৈ ৰঙিয়া ষ্টেচনৰ সমীপৰ একাংশ ঘৰৰ মালিকে আৰক্ষীৰ চকুৰ আগত অধিক মুনাফা লাভৰ আশাত হোটেলৰ দৰে দৈনিক হিচাপে ঘৰ ভাড়া দিয়াত বিভিন্ন অপৰাধীৰ আড্ডাস্থলীত পৰিণত হৈছে ৰঙিয়া ষ্টেচন অঞ্চল।

আজি ৰঙিয়া ষ্টেচনৰ সমীপৰ এখন ঘৰত ভাড়া লৈ বিগত প্ৰায় ১৫ দিন ধৰি বাহৰ পতা দুজন বহিঃৰাজ্যৰ প্ৰবঞ্চকক একাংশ ভুক্তভোগী ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়াত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে।

মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা আহি ৰঙিয়াত বাহৰ পতা সাধু বেশী এই প্ৰবঞ্চকৰ জালত পৰা ভুক্তভোগী লোকসকলৰ অভিযোগ অনুসৰি প্ৰবঞ্চকৰ দলটোৱে বিভিন্ন লোকৰ ঘৰত গৈ বিভিন্ন ছলাহী কথাৰে আসন্ন ভয়াবহ বিপদৰ আগজাননী দি মানসিক ভাবে দুৰ্বল কৰি দিয়ে। ইয়াৰ মাজতে দুই এটা কথাৰে তেওঁলোকৰ মনত বিশ্বাস আনি দিয়ে।

পিছত মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ আসন্ন বিপদৰ পৰা পৰিত্ৰাণৰ বাবে হোম যজ্ঞ তথা পাথৰ লোৱাৰ দিহা দিয়ে। আৰু তাৰ বাবে সিহঁতৰ পৰা ৩ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকা সৰকায়। ৰঙিয়াৰ এগৰাকী নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যক সভাপতি কৰি দিয়াৰ প্ৰলোভনেৰে ২.৫ লাখ টকাৰ প্ৰয়োজন হ’ব বুলি কৈ ৩ হাজাৰ টকা আগধন হিচাপে লোৱাৰ তথ্য ফাদিল হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰবঞ্চকৰ দলটোৱে এনেকৈ এজনৰ পিছত এজনক প্ৰবঞ্চনা কৰাত ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ‘এশ গৰু খালে বাঘৰো মৰণ’ এই আপ্ত বাক্য সচাঁ প্ৰমানিত কৰি আজি প্ৰবঞ্চক দুজনে ৰাইজৰ জালত পৰিল। আজি দ্বিজেন ডেকা নামৰ ভুক্তভোগী লোক এজনে প্ৰবঞ্চক দুজনক কৌশলেৰে মাতি আনি ঘৰত আৱদ্ধ কৰি ৰাখি পাছত ৰঙিয়া আৰক্ষীক গতাই দিয়ে।

অৱশ্যে দুই এজনে প্ৰবঞ্চক দুজনক লপা থপাও দিয়ে। গেৰুৱা বস্ত্ৰ পৰিধান কৰা প্ৰবঞ্চক দুজনে নিজক কৰবাত ওম প্ৰকাশ আৰু কৰবাত গোৰখ নাখ বুলি চিনাকি দিছিল। আন এজনে নিজক অমৰ সাগৰ বুলি পৰিচয় দিয়ে। ইতিমধ্যে আৰক্ষীয়ে দুয়োজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close