অসমশীৰ্ষ

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰি কঁপালে হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে

গুনজিত দাস, প্ৰথম খবৰ, ওদালগুৰি: এন ডি এন বিৰ কাৰাৰুদ্ধ সভাপতি ডি আৰ নাব্লা ওৰোফে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত আজি ওদালগুৰিত উলিওৱা হয় এক বিশাল সমদল।

ওদালগুৰি ডাইমণ্ড ইংলিছ স্কুলৰ ওচৰৰ নলবাৰী খেলপঠাৰৰ পৰা উলিওৱা সমদলটো চহৰৰ মাজেৰে প্ৰায় চাৰিকিলোমিটাৰ পথ খোজ কাঢ়ি গৈ পুনৰ একেখন খেল পথাৰত সামৰণি পৰে।

ডি আৰ নাব্লাক মুক্তি দিয়ক, নো নাব্লা নো পিচ , ডিফাইড আছাম ফিভটি ফিভটি আদি অবিৰাম ধ্বনিত কঁপি উঠে ওদালগুৰি চহৰ। হেজাৰ হেজাৰ প্ৰতিবাদকাৰীৰ লানি নিচিগা শাৰীৰ ফলত চহৰখনৰ বাট পথ স্তদ্ধ কৰি হৈ পৰে।

বড়ো ওমেন জাষ্টিচ ফ’ৰাম, ছ’চাইটি এণ্ড ইণ্ডিজেনিয়াছ পিপল ফৰ ৰাইট আৰু বি পি চি পি আইৰ উদ্যোগত উলিওৱা সমদলৰ অন্তত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰী, এন ডি এফ বিৰ সাধাৰন সম্পাদক বি অঞ্জালু, বি টি চি প্ৰাক্তন উপাধ্যক্ষ পুৰ্ণকান্ত দৈমাৰী, উদ্যোক্তা সংগঠনৰ নেতৃবৃন্দৰ লগতে আগছুৰ বি টি চি ৰিজনৰ সম্পাদক ৰোহিত দাহাল উপস্থিত থাকে।

সাংবাদিকৰে হোৱা সাক্ষাতকাৰত অঞ্জলী দৈমাৰীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে যিকোনো দোষীক শাস্তি দিয়াত আপত্তি নাই, কিন্তু বিচাৰত বৈষম্য থাকিব নালাগে। কোনো উগ্ৰপন্থী সংগঠনৰ নেতাৰ ফাষ্টট্ৰেকত বিচাৰ চলাই শাস্তি বিহা নাই। কিন্তু এন ডি এফ বিৰ ক্ষেত্ৰত বৈষম্য কৰা বুলি দৈমাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শান্তি চুক্তিৰ জৰিয়তে এন ডি এফ বি সভাপতিগৰাকীক মুক্তি দিবলৈ দাবী জনায়।

কাৰাৰূদ্ধ নেতাজনৰ মুক্তিৰ বাৱেই হেজাৰ হেজাৰ বড়ো ৰাইজ ওলাই অহা বুলি উল্লেখ কৰি শান্তিৰ হকে চৰকাৰে এনে পদক্ষেপ ল’ব লাগে বুলি নেত্ৰী গৰাকীয়ে মন্তব্য কৰে।

Related Articles

Leave a Reply

Close